মনৰ কৰ্ম্মক জীব মই বুলি মানে।
কৰ্ম্ম পাশে বন্দী হয় এহেন কাৰণে॥
মনে পাপ কৰে যাই লাগয় জীৱত।
এতেকতে জীৱে দুখ ভুঞ্জে সংসাৰত॥ ৩৬৯
মনত নকৰা যদি জীৱৰ কথাক।
যিমতে চিন্তক গুৰু লাগে কৰিবাক॥
আপোনাক নাজানিলো মই কোন জন।
এতেকে জানিবা জীৱ ভৈল পুণ্যৱাণ॥ ৩৭০
চিত্তে বলে জীৱ সদা মুখে বল হৰি।
সেই জীৱে আত্মা চিনে গুৰু ভাৰ ধৰি॥
নিয়ম কৰিয়া পাই ভকতিৰ গুৰি।
মেধি নাম ধৰি শিষ্য ভজাৱন্ত ফুৰি॥ ৩৭১
যেন শুনি জীৱে পাছে মনে আলোচিয়া।
লোকক ভজাব মই কোন নাম দিয়া॥
ইতি কি নামৰ তত্ত্ব গাওঁ কেনে কৰি।
কোন নাম আগ পাছ কোন নাম গুৰি॥ ৩৭২
চিত্তে বোলে শুনা জীৱ নকৰিবাঁ ডৰ।
পাতালক ভেদী আছে তিনি নাম লৰ॥
কৃষ্ণ নাম নিজ গুৰু হৰি নাম মেলা।
ৰাম ব্ৰহ্মা বিষ্ণু কৃষ্ণ গোবিন্দ দেহা ভৈলা॥ ৩৭৩
জীৱৰ সংশয় পাছে চিত্তে দিলে ছেদি।
এহি তিন নাম আছে ব্ৰহ্মাণ্ডক ভেদী॥
চিত্তে বাসুদেৱ গুৰু হৰি নাম নিজ।
ব্ৰহ্মা বিষ্ণু দুই ভাই তাতে মৃল বীজ॥ ৩৭৪
বন্দ গুৰু বন্দ মালা মালা জপ হাতে।
কৰে মালা জপি চিত্ত শুদ্ধ কৰা তাতে॥