নাগ কুৰ্ম্ম কৃকৰ বায়ুতে অনুপম।
দেৱ দত্ত বায়ু ধনঞ্জয় দশ নাম॥
ই মত প্ৰকাৰে দেহ ভৈলা মনুষ্যৰ।
মনে গুণি বাহা কেহ নহে বামুনৰ॥ ৩৫৬
দেহা লৈয়া গৰ্ব্ব কৰে নিৰ্ব্বোধে গাৱৰ।
অহঙ্কাৰ নকৰিও সকলি অসাৰ॥
শৰীৰৰ তেজ মাংস ভস্ম হুইয়া যায়।
যেন তাতকিয়া ফুৰে তাতক লগায়॥ ৩৫৭
যেহেন মনুষ্য লৰে এৰি যায় ঘৰ।
মনুষ্যৰ জীৱ সেই মত পটন্তৰ॥
একে যে বৃক্ষত নানা পক্ষি লৱে ঠাই।
প্ৰভাত সময় ভৈলে দশো দিশে যাই॥ ৩৫৮
মনুষ্যৰ দেহা যেন ইমত চৰাই।
অনেক দেৱতা অছে তৈতে নয় যাই॥
মৃত্যু সময়ত সবে সজা এৰি যাই।
মৰণ কাৰণ হন্তে জীৱে দুখ পাই॥ ৩৫৯
যাবত মনক কৈনু পুৰুষে নকৰে।
তাতে নিমজিয়া ভক্তি সি জনত পৰে॥
হৰি পদ গুৰু সেৱা খাণ্ডা ডাঠি ধৰ।
মন বৈৰি কাটি সুখে ভৱ নদি তৰ॥ ৩৬০
আছে মন সমস্ত জ্ঞানিৰ হৃদয়ত।
ঈশ্বৰ প্ৰকৃতি বিশ্ব লাগিছে মনত॥
তাক বোলে জীৱ মন দুইৰ এক কাই।
এক পিণ্ড ভৈলে যেন নেত্ৰ অগ্নি দুই॥ ৩৬১
আত্মাৰ সঙ্গত যেন ভৈলা অচেতন।
দেহত আছয় জানা ছৌদ্দয় ভুবন॥
পৃষ্ঠা:গুপ্তমণি.djvu/৪২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪০ )