এহি মতে তিনি নাৰি আছে তিনি কোনে।
দশ নাড়ী যৈত আছে শুনা সাৱধাণে॥ ৩৩০
কাশত শঙ্খিনী বহে বামত ইঙ্গলা।
চক্ষু দ্বয়ে সুসুম্না বহে দক্ষিণে পিঙ্গলা॥
গান্ধাৰিৰ নামে বাস নেত্ৰতে বহয়।
ইন্দ্ৰা নামে দক্ষিন নয়নে নাড়ী ৰয়॥ ৩৩১
পুষ্কৰ নামে ৰহন্ত দক্ষিণ কৰ্ণ দ্বাৰে।
বাম কৰ্ণে আঞ্জলি জানিবা সাৰে সাৰে॥
অণ্ড নাসা নামে নাড়ী বহন্ত অযুত।
চক্ৰ অধি স্থানে বহে অনন্ত লিঙ্গত॥ ৩৩২
সঞ্জিমণি নাম ধৰি শিৰত ৰহয়।
দশ নাড়ী বহিবাৰে দেখাইলো আশ্ৰয়॥
এহি দশ নাড়ী বহে দশম দুৱাৰে।
আৰ কিছু কথা শুনা সত্বজ বিচাৰে॥ ৩৩৩
যত নদ নদী আছে ব্ৰহ্মাণ্ড ভিতৰে।
নাড়ী মধ্যে বহে সবে জানা নিৰন্তৰে॥
নদ নদী সৰোবৰ যত জল শেষ।
মুখৰ মধ্যত বহে পৰম বিশেষ॥ ৩৩৪
দুই দান্তে পাৰি মধ্যে তাৰ সীমা জানা।
তাৰ উৰ্দ্ধ ভাগে বামে বহন্ত যমুনা॥
দক্ষিণত গঙ্গাদেবী বহন্ত সদাই।
দুই হনু মধ্যত বহে সৰস্বতী আই ॥৩৩৫
ওঠে কণ্ঠে তালু জিহবা দাবানল জ্যোতি॥
সুখে থাকিবাক বলে ৰূপে মৰাৱতি॥
পৃষ্ঠা:গুপ্তমণি.djvu/৩৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৬ )