পৃষ্ঠা:গুপ্তমণি.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩১ )


সুসুম্না আছর মেৰু মন্দৰ ভিতৰে।
তাত বায়ু পশিলে অমৰ হোৱে নৰে॥ ৩০০
তাহান মুখক ঢাকি আছে কুণ্ডলিনী।
মায়াৰ সজাত সিতো দেখিবা চিন্তনি॥
কৰিয়া আপন বায়ু ৰমে যোগ বলে।
অগ্নিৰ তাপত শক্তি ওপৰক চলে ॥ ৩০১
উৰি যায় সুশ্ৰুক্ষতি প্ৰবেশ প্ৰমান।
তাৰ শুনা দেহ মধ্যে আছে জীৱ স্থান॥
গুহ্য় স্থান হন্তে দুই আঙ্গুল ওপৰে।
একটি আধাৰ পদ্ম আছে শোভা কৰে॥ ৩০২
তাক বোলে মধ্য দেহা অগ্নিৰ নিবাস।
তপ্ত সুবৰ্ণৰ বৰ্ণ তাহাৰ প্ৰকাশ॥
পৃথ্বী ভাগে থাকে মেৰু পৰ্ব্বত মন্দৰ।
নাহি জীৱ জন্তু তাত প্ৰাণীৰ সঞ্চাৰ॥ ৩০৩
শিশু ৰূপে ব্ৰহ্মাদেৱে জপিয়া আছয়।
যাৰ মুখ হৈতে চাৰি বেদ বাহিৰয়॥
আৰু এক ভাগ আছে শুনা সব্বজন।
শতদল পদ্ম আছে শৰীৰ শোভন॥ ৩০৪
চাৰি দল ছয় দল পদ্ম দশ দল।
আছে অষ্টদল পদ্ম হৃদয় বিকল॥
ছয় থানে ছয় চক্ৰ আছে শৰীৰত।
গুহ্য় লিঙ্গ নাভি হৃদি তালু ললাটত॥ ৩০৫
তালুত সহস্ৰ ললাটত দল দ্বয়।
নাভি মূলে দশ দশ লিঙ্গ মূলে ছয়॥