পৃষ্ঠা:গুপ্তমণি.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩০ )

ভাগেক ভৰাৱে তাৰ জলপান কৰি।
পথৰ ভাগত বায়ু থাকন্ত সঞ্চাৰি॥ ২৯৪
অনুসনে প্ৰাণ ভৈলা প্ৰাণ গুণে বায়ু।
তিনিৰো সংযোগে দেহ ৰহি আছে আয়ু॥
নৰ কেশ পৰ্য্য়ন্ত চলাৱে অনুৰস।
শৰীৰতে আছে জানা সব বায়ু দশ॥ ২৯৫
পৰম তৃপিতি হয় ইন্দ্ৰিয় সকল।
পৰীৰৰ সঙ্গে ইন্দ্ৰ বাঢ়ে তেজ বল॥
ঈশ্বৰ পুৰুষ আদি হৃদয়তে দেখি।
এহি চৌদ্ধ দেৱ পুণ্য পাতকীৰ সাক্ষী। ২৯৬
মূঢ় জনে বোলে মোক নেদেখিলে কেৱ।
হৃদয়তে আছে দেখি বহি সাক্ষী দেৱ॥
পৃথিবীৰ মধ্যত মেৰু মন্দৰ নিবাস।
অদ্ধে সূৰ্য্য় উৰ্দ্ধে চন্দ্ৰ কৰিয়া প্ৰকাশ॥ ২৯৭
নিম্নে ষোল গোট অস্থি পঞ্চাযত তাৰ।
অধো উদ্ধে আতি জানা নৱ খান দ্বাৰ॥
দুই কান দুই নাক দুই চকু দেখাঁ।
মুখ সমে ওপৰত সাত খান লেখাঁ॥ ২৯৮
আধো গুহ্য় লিঙ্গ যে নৱ খান দ্বাৰ।
আছে তাত নাড়ী আৰ বাত্তৰি হাজাৰ॥
সবাৰো মধ্যত তিনি নাড়ী অনুপাম।
সুসূম্না পিঙ্গলা ইড়া নাড়ী যাৰ নাম ॥২৯৯
সুসুম্না উত্তম তিনি নাড়ীৰ মধ্যত।
যিটো ব্যাপি আছে গৈয়া সুৰ্য্য় মণ্ডলত॥