পৃষ্ঠা:গুপ্তমণি.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৪ )


নিৰ্গুন পুৰুষতেহে সুখৰ সাগৰ।
সূৰ্য্য মণ্ডলত যে প্ৰকাশে মৃতকৰ॥ ২৫৩
তাহাঙ্ক বোলন্ত মৃত্যু কৰন্ত সবাৰ।
মোহিসে থাকন্ত সদা দেহাৰ ভিতৰ॥ ২৫৪
যি মতে প্ৰকৃতি শ্ৰেষ্ঠ সবাতো প্ৰধান।
সংসাৰ কাৰণে জানা উপষ্ঠিত প্ৰধান॥ ২৫৫
আউৰ দুই গোটা প্ৰকৃতি শুনা তাক।
পৰ শ্ৰেষ্ঠু প্ৰকৃতি অপৰ আউৰ এক॥ ২৫৬
পৰ যে প্ৰকৃতি জানা গৰাকি বোলয়।
যি গোট অপৰ অষ্টবিধ ৰূপ হয়॥ ২৫৭
অপৰ তেজ বায়ু পুৰুষ মন বুদ্ধি।
অহঙ্কাৰ দেহা সনে অপৰ প্ৰকৃতি॥ ২৫৮
পৰ বোলা প্ৰকৃতি চৈতন্য সদাশিৱ।
কৃষ্ণ অংশে দেহা স্থিত যাক বোলে জীৱ॥ ২৫৯
জীৱ ক্ষেত্ৰে দেহা ক্ষত্ৰিয় ভোগ স্থান।
দুই স্থান সংযোগে হয় সৃষ্টি প্ৰবৰ্ত্তন॥ ২৬০
নিদ্ৰা কালে কৰে জীৱ থাকে এক ঠাই।
তাক বাজ কৰি জীৱ মনুষ্যকে যায়॥ ২৬১
যি দিনা ধৰন্ত জন্ম মনুষ্যকে যায়।
সি দিনা জীৱক লেখি বিধাতা পঠাই॥ ২৬২
দুখ সুখ মনুষ্যৰ থাকে যত দিন।
সমস্ত কপালে লেখি পঠাই সি দিন॥ ২৬৩
বিধিৰ লিখন হাত এৰন নাযাই।
এতেকেসে সুখ দুখ ভুঞ্জে নৰে যাই॥ ২৬৪