পৃষ্ঠা:গুপ্তমণি.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )


ইহাকে জানিবাঁ,  বোলে গুহ্যত্বম,
 কহিলো ৰহস্য তত্ত্ব॥ ২২১
গুৰুৰ শিষ্যৰ, বিশ্বাস যে সাৰ,
 কহিলোঁ সবে বুজাই।
গুক পৰমাত্মা,  শিষ্য জীউ আত্মা,
 দুয়ো জনা একে কায়॥ ২২২
গুৰু নাম ধৰি, গুৰু সৰোবৰে,
 পৰিহংস তাতে চৰে।
গুৰুৰ বিশ্বাস,  জানা শিষ্য সব,
 সংসাৰ সাগৰ তৰে॥ ২২৩
তাহাঙ্ক বোলন্ত,  সংসাৰৰ ব্ৰহ্মা,
 শুনা সবে তাৰ কথা।
সংসাৰৰ ব্ৰহ্মা,  দোহাক বোলয়,
 জানিবা প্ৰকৃত সৰ্ব্বথা ॥ ২২৪
চৌদ্ধ ইন্দ্ৰ গণে,  ভৈলন্ত ব্ৰহ্মাৰ,
 জানিবাহা পাঞ্চ থান।
চৌবিশত ভৈলা,  তেজ মাংস হাৰ,
  প্ৰকৃতি ভৈলন্ত চাল॥ ২২৫
সংসাৰ ব্ৰহ্মৰ, দেহা ৰূপ মিতি,
 সবে নিষ্ঠ নিষ্ঠ কাম।
জন্ম মৃত্যু দুই, থালি শুদ্ধ নুই,
 ব্ৰহ্মাৰ অশুদ্ধ নাম॥ ২২৬
সৃষ্টি অনুৰূপে, সংসাৰ প্ৰৱেশে,
 ব্ৰহ্মা থাকে সৰ্ব্বকাল।