পৃষ্ঠা:গুপ্তমণি.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫ )


মৰা শৱ দেখি ব্ৰহ্মা আথ বেথ কৰি।
তীৰতে উঠিলা পাছে বিষ্ণু বিষ্ণু স্মৰি॥১৮৩॥
পাছে বিষ্ণু দেখে শৱ আসে ওচৰত।
ৰাম ৰাম বুলি বিষ্ণু উঠিলা ত্বৰিত॥ ১৬৭॥
হেন দেখি নাৰায়ণে মনত গুণিলা।
ব্ৰহ্মা বিষ্ণু দুয়ো চিনিবাক নোৱাৰিলা॥১৬৮॥
এবে চলি যাও মঞি মহাদেৱৰ পাশে।
দেখিয়া মহেশে বোলে কৈৰ শৱ আসে॥১৬৯॥
শৱ দেখি প্ৰকৃতিয়ে সমীপ চাপিলা।
সকল লক্ষণ দেশি স্বামিক চিনিলা॥ ১৭০॥
হাতে ধৰি প্ৰকৃতিয়ে কান্দিবে লাগিলা।
মোহোক অনাথ কৰি কৈক লাগি গৈলা॥১৭১॥
দেখি হৰ কান্দিলন্ত ককালত ধৰি।
বিষ্ণু দেখি কান্দিলন্ত চৰণত পৰি ॥১৭২॥
দেখি ব্ৰহ্মা মুখে ধৰি বিস্তৰ কান্দিলা।
ধুয়াই পখলাই শৱ চিতাত তুলিলা॥১৭৩॥
বেদ উচ্ছারিয়া ব্ৰহ্মা ঘৃত চালি দিলা।
মুখাগ্নি কৰিয়া পাছ অগনি লগাইলা ॥১৭৪॥
ঈশ্বৰ শৰীৰ গোট নিমিষে দহিলা।
সেই ছাই আনি তিনি থুপুয়াই থৈলা॥১৭৫॥
পাছে চাৰি জন সমে স্নানিবাক গৈলা।
দেখিয়া কপিলী আসি ছাই খানি খাইলা॥ ১৭৬
তাঙ্ক দেখি কপিলীক সুধিবাক লৈলা।
কি কাৰণে তুমি আই অকাৰ্য্য কৰিলা।॥১৭৭