( ১৩ )
পাছে হৰি বুলিলন্ত ব্ৰহ্মাক বচন।
দিলো প্ৰকৃতিক নিয়া তোমাৰ ভবন॥ ১৪২
ভাৰ্য্যা কৰি দিলো মঞি নিয়া প্ৰকৃতিক।
নকৰিবা হেলা মোৰ বচন খানিক॥ ১৪৩
হেন শুনি ব্ৰহ্মা বোলে বিষ্ণু বিষ্ণু স্মৰি।
কিশক মোহোক বোলা প্ৰভু হেন কৰি॥১৪৪
মাৱক কিমতে ভাৰ্য্যা কৰি নিবো ময়।
মাৱক সম্বৰি পাপ লাগিবে নিশ্চয়॥ ১৪৫
শুনি নাৰায়ণে বাণী বুলিলা বিষ্ণুক।
দিলো মানিনীক নিয়া তোমাৰ গৃহক॥ ১৪৬
মোৰ নিজ অঙ্গ তুমি বিষ্ণু বনমালী।
প্ৰকৃতিক লৈয়া যাস নিজ স্থানে চলি ॥ ১৪৭
হেন শুনি বিষ্ণু বোলে নমস্কাৰ কৰি।
নুবুলিবা হেন বাক্য প্ৰভু দেৱহৰি॥ ১৪৮
তুমি পিতৃ তানে মাতৃ আমি দাস প্ৰায়।
কি মতে মাতৃক ভাৰ্য্যা কৰি নিবো ময়॥ ১৪৯
হেন শুনি আদি দেৱে বুলিলা ৰুদ্ৰক।
প্ৰকৃতিক লৈয়া যোৱা তোমাৰ গৃহক॥ ১৫০
দিলোঁ নিয়া প্ৰিয় ভাৰ্য্যা কৰি মনসাক।
নকৰিবা আজ্ঞা ভঙ্গ মোহোৰ কথাক॥ ১৫১
শুনিয়া মহেশে পাছে মনে মনে গুণে।
কি বুলিবো উপায় নেপাওঁ মোৰ মনে॥ ১৫২
গুৰুৰ পিতৃৰ বাক্য লাগে পালিবাক।
যি জনে নাপালে বাক্য পৰিবে নৰক॥ ১৫৩