পৃষ্ঠা:গুপ্তমণি.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )

কৃষ্ণনাম অহৰ্নিশে যিটো ফুৰে গাই।
সদায় মঙ্গল তাৰ অমঙ্গল নাই॥ ৮২
ইহাকে জানিলে মহা ভকত মিলয়।
যেন কাষ্ঠ দিলে অগ্নি জ্বলিয়া উঠয় ॥ ৮৩
সুমায় নিজনি তেল অগনি জ্বলাই।
তাতে অনুকুল বায়ু কৃষ্ণহন্তে যাৰ॥৮৪
শুনিয়োক সৰ্ব্বজন কথা কহোঁ আৰ।
জগততে সাৰাধিক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ॥৮৫
সংহাৰক শঙ্কৰ বোলয় জগতক।
ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ লেখ লোৱা হৃদয়ক॥ ৮৬
সত্য কৰি কহোঁ সবে শুনা স্বৰূপত।
ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত॥ ৮৭
আছে সাত দ্বীপ সাগৰৰ চাৰি কাসে।
সাতখান সাগৰ সাতকো বেঢ়ি আছে॥ ৮৮
জম্বু পুষ্কৰ কুশ শাক মনে মান।
শাল্মলী ক্ৰৌঞ্চ পক্ষ দ্বীপ সাতখান॥ ৮৯
লোন গুৰ সুৰা ঘৃত দধি নাম তাৰ।
দুগ্ধ জল সমে এই সাত যে সাগৰ॥ ৯০
জল সাগৰৰ মাজে সিপাৰত আটী।
দুই-গুণ কাঞ্চন ভূমি আছে চতুৰ্ভিত্তি॥ ৯১
পৰ্ব্বত বাহিৰে ঘৰ মহা অন্ধকাৰ!
নাহি তাত চন্দ্ৰ সূৰ্য্য প্ৰাণীৰ সঞ্চাৰ॥ ৯২
মহা জ্যোতি সূৰ্য্যে তাত প্ৰকাশি আচন্ত।
আহোক মনুষ্য দেৱে নেদেখে শাস্ত্ৰত॥ ৯৩