এৰা অপমান।
কহো তত্ত্ব জ্ঞান॥
উদ্ধৱে শুনিল৷
পাৱত পৰিল॥
কান্দে দমাই মাথ।
ভৈলোহো অনাথ॥
দেখি ভগৱন্ত।
জ্ঞান কহিলন্ত।
প্ৰণাম কৰিল॥
কান্দন্তে চলিল॥
ত্ৰিদশে সহিত।
গাইল গুণ গীত॥
কতোহো নাচন্ত।
পুষ্প সিঞ্চাৰন্ত॥
হসিত বয়ন।
চলিবাক মন॥
নাকলে কৃষ্ণক।
পাইলা বৈকুণ্ঠক॥
নয়ন তবধ।
বজাইলা শৱদ॥