পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সাত ডলাৰেৰে ডেলাই গহণাৰ দোকানৰ পৰা এডাল হাতঘড়ীত লগোৱা সোণৰ চেইন কিনিলে আৰু দিগ্বিজয়ী বীৰাঙ্গণাৰ দৰে ঘৰলৈ উভতিল।

 জিম তেতিয়াও ঘৰ পোৱাহি নাই। ডেলাই কাপোৰ সলালে আৰু ঘৰৰ বয়বস্তুবোৰ পৰিপাটী কৰিবলৈ ধৰিলে। লাহে লাহে সাজ নামিল। ডেলাই লাইট জ্বলালে আৰু অধীৰ ভাৱে জিমলৈ বাট চাবলৈ ধৰিলে।

 বাহিৰত জিমৰ জোতাৰ শব্দ হ’ল। লগে লগে অপৰাধিনীৰ দৰে ডেলা ভিতৰলৈ সোমাই গ’ল। জিমে জোতা খুলিলে আৰু কিছুসময় বিচনাত বাগৰ দিলে। তাৰ যথেষ্ট ভাগৰ লাগিছিল। ইতিমধ্যে ডেলাই চাহ আনি খোৱা মেজত থৈছিল। চাহ খাই ভাগৰ জুৰোৱাৰ পাচত জিমে ডেলাৰ পিনে অপলক দৃষ্টিৰে চাবলৈ ধৰিলে।

 “এয়া তুমি কি কৰিলা সোণ? তোমাৰ চুলিকোছা? দেখি জিম উচপ খাই উঠিল। ভয়ত ডেলাৰ মুখ বিবৰ্ণ হ’ল। তাই জিমৰ কাষ চাপি আহিল আৰু জিমৰ কান্ধত হাত থৈ সেহাই সেহাই ক’লে, “মোৰ চুলি সতকাই গজে জিম। কাইলৈ বৰদিন। তোমাক উপহাৰ দিবলৈ আজি মোৰ একো সম্বল নাই। মোৰ চুলি কোছা বেচিয়েই তোমাৰ হাতঘড়ীটোৰ বাবে এদাল সোণৰ চেইন কিনি আনিছো।

 “সৰ্ব্বনাশ কৰিলা সোণ! তোমাৰ দৰে মোৰো বৰদিনৰ দিনা তোমাক উপহাৰ দিবলৈ একো সম্বল নাই সোণ! মোৰ হাতঘড়ীটো বেচি তোমাৰ চুলিকোছা আচুৰিবলৈ এখন দামী কাকৈ লৈ আহিলে। গোটেই চহৰখনত ইয়াতকৈ দামী কাকৈ আৰু নাই। ”

 নিশাৰ নীৰৱতা ভেদি ডেলাৰ উচুপনি ভাহি আহিলা।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/২৪