পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰদিনৰ উপহাৰ


 সাঁচতীয়া পইচা কেইটা তিনিবাৰ গণিও ডেলাই সংখ্যাটোৰ একো ভুল উলিয়াব নোৱাৰিলে। ঠিক এক ডলাৰ আৰু সাতাশী চেন্ট। তাইৰ মনটো এঙাই গ’ল। ইমান দিনে তৰকাৰী আৰু মাছৰ বেপাৰীৰ সৈতে যুঁজ দি তাই এই কেইটা পইচা সাঁচিছিল। তাইৰ মৰমৰ গিৰিয়েক জিমক বৰদিনৰ দিনা এপদ বস্তু উপহাৰ দিয়াৰ মনেৰে। কিন্তু এক ডলাৰ আৰু সাতাশী চেন্টেৰে যে........। আকৌ পিচদিনাই পৰিছে বৰদিন।

 কি কৰিব একো ঠিৰাং কৰিব নোৱাৰি ডেলাই বিচনাতে বাগৰ দিলে। ইতিমধ্যে তাইৰ মনটো বাৰুকৈয়ে সেমেকি গৈছিল। জীৱনত আনন্দ আছে, বেদন আছে, কিন্তু বেদনাৰ ধাৰ চোকা ডেলাই অনুভৱ কৰিলে। তাৰ পাচত আৰু তাই পলম নকৰিলে। নতুন কাপোৰ এযোৰ উলিয়াই পিন্ধিলে আৰু চুলিকোছা লিৰিকি বিদাৰি আয়নাখনলৈ একেথৰে চাবলৈ ধৰিলে। আন একো নিদিলেও ঈশ্বৰে ডেলাক এক অপূৰ্ব্ব বস্তুৰ অধিকাৰীনী কৰিছিল। সেয়া তাইৰ চুলিকোছা। গোটেই চহৰখন চলাথ কৰিলেও এনে একোছা চুলি নোলাব। ই আছিল ডেলাৰ জীৱনৰ গোপন সম্পদ, কঢ়িয়াই আনিছিল, গৌৰৱ আৰু আত্মতুষ্টি। এই চুলিকোছা আজি তাই বেচি পেলাব আৰু জিমৰ বাবে বৰদিনৰ উপহাৰ কিনি আনিব। ডেলাৰ চকুৱেদি দুধাৰি লোতক বৈ আহিল। কিন্তু চকুপানী টুকি থাকিলেতো কাম নহয়। ডেলা বজাৰলৈ ওলাই গ’ল। ছাই ৰঙৰ মেকুৰী এটা দেখি ডেলাই অলপ থ’ত ম’ত খাইছিল, কিন্তু পিচে সুহুৰিৰে মন ডাঠ কৰি ললে।

 চাউথ এভিনিউৰ আটাইতকৈ দামী চেলুন এখনত সোমাই চুলিকোছা লিৰিকি বিদাৰি ডেলাই মালিকজনক সুধিলে, “কিমান দিবা?”

 “চাৰে চাৰি ডলাৰ৷’’

 বৈ পৰা ডেলাৰ সোণালী চুলিকোছা চেলুনৰ ল’ৰা এটাই কোচ কচকৈ কাটি পেলালে। ডেলা দেখিবলৈ স্কুলীয়া ল’ৰাটো যেন হ’ল। প্ৰায় লৰ মৰাৰ নিচিনাকৈ ডেলা চেলুনৰ পৰা ওলাই আহিল।

 পইচা কেইটা যোগাৰ হ’ল। কিন্তু জিমৰ বাবে বাৰু সুন্দৰ উপহাৰ কি হ’ব, ডেলাই চিন্তা কৰিবলৈ ধৰিলে। জিমৰ দামী হাতঘড়ীটোত বহুদিনৰ পৰা ডেলাই উজ্জল চেইন এডাল দেখা নাই। এৰা, এডাল সোণৰ চেইন, জিমৰ হাতঘড়ীটোত লগাবলৈ, বৰদিনৰ দিনা গিৰিয়েকৰ বাবে সেয়েই উপযুক্ত উপহাৰ হ’ব।

গীৰ্জাসঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/২৩