পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা ঘোঁৰাৰ ওপৰত পটলুং পিন্ধা কাউবয় এটা তাই আকি আছিল। হঠাৎ বিচনাৰ পৰা জঁচিৰ ক্ষীন অসহায় মাত ভাঁহি আহিল, ভাঁহি আহিল — তাইৰ মনৰ বিহ্বলতাৰ কৰুণ সংবাদ, আইভি লতাৰ পাতত কলিজাৰ স্পন্দন বাজি থকাৰ বিভীষিকাময়, ৰহস্য....

 “নাই, সেইটো হ’ব নোৱাৰে। অসম্ভৱ, অযুক্তিকৰ চিন্তা তোমাৰ’’, চুয়ে যেন জঁচিক ধমকি দি উঠিব, “তুমি ভাল হৈ উঠাৰ সৈতে আই ভি লতাৰ পাতৰ কি সম্পৰ্ক থাকিব পাৰে? বলিয়া নহ’বাচোন। ডাক্তৰে কৈছে — তুমি ভাল হৈ উঠাৰ সুন্দৰ সম্ভাৱনা আছে। নিউয়ৰ্কত গাড়ীত উঠি বা ডাঙৰ ডাঙৰ ঘৰবোৰৰ কাষেদি খোজকাঢ়ি ফুৰোতে দুৰ্ঘটনা নোহোৱাকৈ আৰামেৰে সময়খিনি কটোৱাৰ কথা যেনেকৈ ভাৱিব পাৰো, তেনেকুৱাই। তুমি অলপ চুৰহা খাই লোৱা আৰু তোমাৰ মৰমী চু’ক আলোচনী সম্পাদকৰ পৰা দুপইচা আনক বুলি তুলিকা লবলৈ দিয়া পইচাৰ বাৰু আমাৰ প্ৰয়োজন নহয়নে? অন্ততঃ মোব বেমাৰী বান্ধবীজনীৰ বাবে অলপ বিদেশী মদ আৰু মোৰ নিজৰ বাবে দুটা গাহৰি মঙ্গহৰ চপ কিনিবলৈ।

 মদৰ আৰু প্ৰয়োজন নাই, চকুহাল খিৰিকিত নিৱন্ধ কৰি জঁচিয়ে ক’লে — “মোৰ জীৱনৰ সকলো ৰঙ হেৰাই গৈছে, সৌৱা, আকৌ এটা পাত সৰিছে। জিভাত চুৰুহাৰ জুতি লগোৱাৰ কথা মই একোপধ্যে ভাবিব নোৱাৰো। এতিয়া মাত্ৰ চৰিটাহে পাত আছে শেষৰ পাতটোও সৰি পৰা মই দেখিবলৈ পাম আৰু তাৰ পাছত ... তাই পাছত ময়ো এই পৃথিৱীৰ পৰা বিদায় লম”।

 “জঁচি, মৰমী মোৰ, অকমান শুবৰ চেষ্টা কৰাচোন। খিৰিকিখন পৰা অকমান আতৰি আহাচোন, পোহৰ নাপালে যে মোৰ ছবি অকাত কষ্ট হ’ব! কাইলৈতো ছবিখিনি দিবই লাগিব।

 “তুমি আন এটা কোঠাত আকিব নোৱাৰানে?”জঁচিৰ মাতত সেই একেই জঠৰতা।

 “নাই, মই তোমাৰ কাষৰ পৰা আতৰি নাযাওঁ,” চুয়ে ক’লে, “আৰু তুমি আইভি লতাডাললৈ চাই থকাটোও মই নিবিচাৰো।

 বগা বিচনাচাদৰখনে মেৰিয়াই ধৰা জঁচিক এটা বাগৰি পৰা মূৰ্ত্তিৰ নিচিনা দেখা গৈছিল। চকু দুটা মুদি চু’ৰ কথাৰ অকনো সঁহাৰি নিদি তাই ক’লে, “ছবি অকা শেষ হ’লেই মোক হেচুকি দিবা। শেষ পাতটো সৰি পৰা মই চাবই লাগিব। ৰৈ ৰৈ মই আৰু ভাগৰি পৰিছো। শুকান নিৰ্জ্জীব পাতবোৰ সৰি পৰাৰ নিচিনাকৈ ময়ো মৃত্যুমুখত পৰিম আৰু সেই মুহুৰ্ত্তটো মই অনুভৱ কৰিম। ”

 “শুবৰ চেষ্টা কৰা। ” চুৰ মাতত আদেশ স্বৰ। “মই অকমান বেৰমেন মহাশয়ৰ ওচৰলৈ যাব লাগিব। ছবিৰ বাবে তেখেতে মোক আকমান শিকাই দিব। মই উভটি নহালৈকে লৰচৰ নকৰিবা কিন্তু। ”

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৮