পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহখিনিৰ সৈতে তেওঁৰ পিচ ললে। দুবাৰ চেষ্টা দি বিফল হোৱা বাবে চ’পি অলপ নিৰাশ হ’ল। সি আকৌ ৰাস্তাৰে খোজ পেলালে।

 এইবাৰ ৰাস্তাৰ সিটো পাৰে থকা বিবিধ খাদ্যৰে ভৰা এখন ডাঙৰ দোকানলৈ চ’পি সেই উৱলি যোৱা জোতা আৰু সোত মোচ খোৱা পটলুংটোৰে সোমাই গ’ল। মেজ এখনত বহি ভজা গৰম মঙ্গহ কেইচকলমান, পাওৰুটি, মালপোৱা আৰু মটৰমাহেৰে ভালদৰে এসাঁজ খালে আৰু দোকানৰ ল’ৰাটোক ক’লে যে সি বহুত দূৰৰ পৰা আহিছে আৰু তাৰ লগত অলপহে পইচা আছে, খাদ্যৰ দাম পৰিশোধ কৰিব পৰা সম্ভৱ নহ’ব। তেওঁলোকে যদি তাক বেয়া পাইছে পুলিচত সোধাই দিব পাৰে।

 তোমাৰ কাৰণে কোনো চিপাহী ইয়াত ৰৈ থকা নাই বুলি ল’ৰাটোৱে চকু টেলেকা টেলেকি কৰিলে আৰু মাতটো গোমোঠা কৰি আন এটা ল’ৰাক মাতিলে।

 চ’পিৰ দেহত দুটা মানুহৰ মাৰ পৰিল। কাঠমিস্ত্ৰিৰ স্কেল পাত মেল খাই যোৱাৰ দৰে দেহাৰ কেইটামান ভাজ ভাঙি সি থিয় হ’ল আৰু তাৰ কাপোৰত থকা মজিয়াৰ ধূলি ছটিয়াই সিহঁতক ওলোটা আক্ৰমন কৰাৰ চেষ্টা কৰিলে। পুলিচৰ হাতত ধৰা দি দ্বীপলৈ নিৰ্বসিত হোৱা বৃথা নিশাৰ সপোন যেন অনুমান হ’ল। এখন ঔষধৰ দোকানৰ দুখন দুৱাৰ এৰি সিফালে থকা সমুখৰ ঠাইৰ পৰা পুলিচ এজনে গোটেই কাণ্ড কাৰখানাটো দেখি আছিল। হাঁহিৰে গাল ফুলাই তেওঁ গুচি গ’ল।

 মনত বাহ লোৱা নিৰাশাখিনি আতৰ নোহোৱালৈকে চ’পিয়ে পাঁচটামান চুবুৰী ঘূৰিলে। এইবাৰ যিটো সুযোগ তাৰ সমুখলৈ আহিল তাক আৱিস্কাৰ কৰি তাৰ অলপ গৰ্ববোধ হ’ল। সি নিজকে দূষ্টামিৰ এজন সুদক্ষ বনুৱা বুলি ভাবিলে। হাঁহি এটা মুখত লৈ বৰ মৰম লগা গাভৰু ছোৱালী এজনী দোকান এখনৰ সজ্জা কোঠাৰ আয়নাৰে ভিতৰত মেচিনেৰে বাচন চিকচিকিয়া কৰা কাম ছাই আছিল আৰু দুগজমান আতৰত পানীকল এটাত আউজি পুলিচ এজন বেচ কৰ্তব্য পৰায়ন ভাবে থিয় হৈ আছিল।

 অশোভনীয় পৰিৱেশ এটা সৃষ্টি কৰাৰ ভূমিকা ল’বলৈ চ’পি উদ্যত হ’ল। ছোৱালীজনীৰ মুখৰ কোমলতা আৰু সৌন্দৰ্য্যই তাক পতিয়ন নিয়াইছিল যে সি তাইক অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কাষৰ পুলিচজনে অলপো পলম নকৰি তাক কান্ধত থাপ মাৰি ধৰিব আৰু তাৰ ইস্পিত আৱাসৰ বন্দোৱস্তু হৈ যাব। চ’পিয়ে মিচনাৰীয়ে উপহাৰ দিয়া বাগীখনৰ ৰচী টানি ললে। খেলাৰ সময়ত ব্যৱহাৰ কৰা সোতমোচ খোৱা কাফ যোৰ হাতত পিন্ধি ললে আৰু চাহাবী টুপীটো অলপ বেকাকৈ মুৰত গুজি লৈ ছোৱালীজনীৰ কাষ চাপি আহিল। তাইৰ ওপৰত লোলুপ দৃষ্টি পেলাই সি দুই এটা কাঁহ মাৰিলে, উপহাস জাতীয় দুষ্টামিৰ শব্দ উচ্চাৰণ কৰিলে, অৰ্থবোধক হাঁহি মাৰিলে, গাটো বিভিন্ন ভঙ্গীত লৰালে আৰু গা বেজ বেজাই যোৱাকৈ কেইআষাৰমান

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১২