পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এদিন জিম এলমোৰৰ এঠাইত বাগী এখনৰ পৰা নামিল। জিম যেন থিক কলেজৰ পৰা পঢ়া শেষ কৰি ঘৰলৈ ঘুৰি অহা এজন তজবজীয়া খেলুৱৈহে। হোটেল এখন বিচাৰি সি আগুৱাই আহিল।

 এলিমোৰ চহৰত জিম ভেলেন্টাইনৰ উন্নতি হৈছে। কিন্তু তেওঁ এতিয়া জিম ভেলেন্টাইন নামৰ সেই হাতলৰ স্বভাৱৰ মানুহটো নহয়। ৰালফ, ডি ষ্পেনচাৰ নামৰ এজন ভদ্ৰলোকহে। তেওঁৰ ব্যৱসায়ো সুন্দৰ চলিছে। বহুতো মানুহৰ লগত সদ্ভাৱ স্থাপন হৈছে। মিচ এনাবেলৰ সৈতে মিলামিচাও অবাধ গতিৰে বাঢ়িবলৈ ধৰিছে! এলিমোৰ বেঙ্কৰ মালিক মিঃ আডম সহজ সৰল মানুহ। ডাঙৰীয়াৰো স্পেনচাৰক পচন্দ হ’ল। মিঃ আদামচ্ আৰু এনাবেলৰ বিবাহিতা বায়েকৰ পৰিয়ালত স্পেনচাৰৰ আহযাহ আৰু আদৰ ইমান বাঢ়িল যে তেওঁ পৰিয়ালৰে এজন যেন হ’ল। তেওঁৰ সন্মুখত এতিয়া জীৱনৰ নতুন ৰং, কৰ্মোদ্দীপনা সীমাহীন আনন্দ আৰু হাঁহি-অশ্ৰুৰ মধুৰ আবেগ।

 এদিন জিমে হোটেলৰ নিজৰ কোঠাত বহি আবেগৰ মুহূৰ্ত্ত এটাত চেইন্ট লুইত থকা তাৰ পুৰণি বন্ধু এজনলৈ এখন চিঠি লিখিলে! বন্ধু জনেও নাম সলাই জিমৰ নিচিনা চাতুৰী কৰি বহি আছিল। গতিকে ঠিক তেওঁ পোৱা নাম আৰু ঠিকনাৰে লিখিবলগীয়া হ’ল।

 মৰমৰ পল,

 অহা বুধবাৰে ৰাতি ন বজাত লিট্‌ল ৰক টাউনৰ চুলিবিয়ান প্লেচত লগ ধৰিবা বুলি আশা কৰিলো। মোৰ কাৰণে তুমি কিছুমান পুৰণি বস্তুৰ চিন নাইকিয়া কৰি দিব লাগে। আৰু মই তোমাক মোৰ হাতিয়াৰখিনি উপহাৰ দিব খুজিছো। তুমি নিশ্চয় সেইখিনি পাই আনন্দিত হ’ব। এহেজাৰ ডলাৰ দিও তুমি তেনে বস্তু হয়তো নেপাবা। বিলি, সচাকৈয়ে এবছৰ হ’ল, মই আগৰ কামবোৰ বাদ দিছো। মই এতিয়া এখন ভাল দোকান খুলিছো। মই সৎ মানুহৰ জীৱন লৈছো আৰু দুসপ্তাহ পিচতেই পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী বিয়া কৰাবলৈ ওলাইছো। এয়েই প্ৰকৃত জীৱন বিলি— জীৱনৰ পোন বাট। এতিয়া মোক কোনোবাই লাখ লাখ ডলাৰ দিলেও মই কাৰো টকা এটাও চুৰ নকৰো। বিয়াৰ পিচত দোকানখন মই বিক্ৰী কৰি দিম আৰু দূৰলৈ গুচি যাম য’ত আগৰ উদ্ভণ্ডালিৰ বাবে পুলিচে আমনি কৰাৰ আশংকা নাই। সঁচাই বিলি, তাই সাইলাখ পৰী। তাই মোক অত্যন্ত বিশ্বাস কৰে। গোটেই পৃথিৱীখন মোক কোনোবাই দিলেও মই আৰু কুকৰ্ম্ম কৰিব নোৱাৰিম। চুলিবিয়ান প্লেচত নিশ্চয়, লগ ধৰিবা। মই তোমাক লগ পাবই লাগিব। লগত মই মোৰ হাতিয়াৰখিনি লৈ যাম।

 তোমাৰ পুৰণি বন্ধু

 জিম

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৪