পৃষ্ঠা:গীতাসাৰ.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮২
গীতাসাৰ
 

শ্ৰীকৃষ্ণৰ অকাট্য যুক্তি! অৰ্জ্জুন কিংকৰ্ত্তব্যবিমূঢ়! এনে সমস্যাৰপৰা উদ্ধাৰ কৰাৰ উদ্দেশ্যে ভগৱান বাসুদেৱে পুনৰপি অৰ্জ্জুনক এই বুলি উদগনিৰ বুজনি দিলে, “হে কুন্তীনন্দন। তুমি বিমোৰ নহবাঁ। মই ইয়াৰ আগেয়েই কৈ আহিছোঁ যে, উপস্থিত ধৰ্মযুদ্ধত তোমাৰ মৰণ মিলে যদি তোমাৰ স্বৰ্গলাভ নিশ্চয়; আৰু জয়ী হব পাৰাঁ যদি তোমাৰ নিষ্কণ্টক ৰাজ্যলাভ। দুয়োহাতে তোমাৰ মঙ্গল। এতেকে, শোক, চিন্তা আৰু সংশয় পৰিত্যাগ কৰি, তুমি স্থিৰনিশ্চয় হৈ ৰণৰ উদ্দেশে অত্ৰোত্থান কৰাঁ (১)।” কিন্তু, সিমানতো অৰ্জ্জুনক চিন্তিত দেখি, ভগৱান দৈৱকীনন্দনে আপোনাৰ শিষ্য-সখি কুন্তীনন্দনক অনতিপলমে চৰম কৰ্তব্যজ্ঞান জ্ঞাপন কৰিলে, 'সুখদুঃখে সমে কৃত্বা লাভ লাভৌ জয়জয়ৌ। ততো যুদ্ধায় যুজ্যস্ব নৈবং পাপমবাপ্স্যসি॥' অৰ্থাৎ, সুখ আৰু দুখ, লাভ আৰু অলাভ, জয় আৰু পৰাজয় সবাৱকে সমভাৱে চাই লৈ, তাৰ পাচত তুমি যুদ্ধত প্ৰবৃত্ত হোৱা, তাৰ বাবে তুমি পাপভাগী হব নালাগিব। মুঠতে, তুমি সুখৰো কামনা নকৰিবাঁ, দুখৰ আশঙ্কাতো সঙ্কুচিত নহবাঁ; যুদ্ধত যে তোমাৰ লাভ হব সেইটোও নাভাবিবাঁ, অলাভ যে হব তাকো মনলৈ নানিবাঁ; আৰু উপস্থিত মহাৰণত যে তোমাৰ জয় তাকো আশা নকৰিবাঁ, পৰাজয় যে হব তাকে মনত ঠাই নিদিবাঁ। সেয়ে হলেই গুৰুজন আৰু জ্ঞাতিবধৰ পাপে তোমাক নাপায়।” (২)


 (১) গীতা, ২ আধ্যা, ৩৭ শ্লোক।
 (২) গীতা, ২ আধ্যা, ৩৮ শ্লোক।