পৃষ্ঠা:গীতাসাৰ.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৮
গীতাসাৰ ৷
 
 

নােৱাৰে। যি সৎ সি নিত্য, অব্যয় আৰু অনন্ত । দেহী আত্মা অবিকাৰী, অবিনাশী আৰু অপৰিচ্ছন্ন। এই নশ্বৰ দেহাসমূহ আত্মাৰ বাসস্থান মাখােন। এতেকে, হে ভাৰত ! তুমি যুদ্ধ কৰাঁ । যি আত্মাক হন্তা বুলি ভাবে, আৰু যি আত্মাক বিনষ্ট বুলি বিশ্বাস কৰে, সিবিলাক দুয়াে মতাৱলম্বীয়েই আত্মানভিজ্ঞ; কিয়নাে আত্মাই কাকো আহত নকৰে, আৰু কাৰো দ্বাৰাই আত্মা নিহত নহয় ৷ দেহাত্মাভিমানীগণে মাথােন আত্মাৰ বিনাশ আশঙ্কা কৰে; কিন্তু আত্মা অচ্ছেদ্য, অভেদ্য আৰু সৰ্ব্বত্র স্বতন্ত্র। আত্মাৰ আচলতে জনমাে নাই, মৰণো নাই নাইবা বাৰংবাৰ উৎপন্ন হৈ বিনাশপ্রাপ্তও নহয়। এতেকে, আত্মা জন্মৰহিত, সততে একৰূপী, বিকাৰশূন্য, অপৰিণামী; গতিকে, দেহাৰ লগতে আত্মাৰো বিনাশ নহয় । হে অৰ্জ্জুন ! আত্মা যি স্থলত কোনাে আকাৰ-বিকাৰৰেই(১) তল নহয়, সেই স্থলত অস্ত্ৰৰ দ্বাৰাই দেহা বিনষ্ট হলেও আত্মা বিনষ্ট নহয়। এতেকে, উঠাঁ, তুমি ৰণবিমুখ নহবাঁ । যি জনে আত্মা অবিনাশী, নিত্য আৰু জন্ম-ক্ষয়ৰহিত বুলি জানে, হে পার্থ । সেইজনে কিয় বা কেনেকৈ বা কাক বধ কৰিব ? আৰু স্বয়ং উদ্যত হৈ কিয় বা কাক বধ কৰাব(২) অর্থাৎ, যি জ্ঞানীলোকে সর্ব্বব্যাপী পৰমাত্মা নিজতো আৰু অপৰতাে সমভাৱে বিদ্যমান বুলি জানে, তেওঁ নিজে নিজকে মাথোন কোনাে সজ উদ্দেশ্যে দেহান্তৰ কৰে। তাৰপৰা পাপ নহৈ বৰঞ্চ পুণ্য হে লাভ হয়।”

 “হে অৰ্জ্জুন ! মানুহে যেনেকৈ জীৰ্ণ বস্ত্ৰাদি পৰিত্যাগ কৰি নতুন বস্ত্ৰাদি পৰিধান কৰে, সেইদৰেই দেহধাৰী আ্ত্মায়ো জীৰ্ণ দেহ পৰিত্যাগ কৰি নতুন দেহ ধাৰণ কৰে। এতেকে, অনেক তপস্যা আৰু সৎকাৰ্য্যৰ


 (১) বিকাৰঃ- জন্ম, অস্তিত্ব, বৃদ্ধি,বিপৰিনাম, অপক্ষয় আৰু বিনাশ ।
 (২) গীতা,২য় আধ্যা, ১৬-২১ শ্লোক ৷