পৃষ্ঠা:গীতগোবিন্দ.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৯ ]

স্তুতিকৰে যাকব্ৰহ্মাদেৱে,  আলিঙ্গি ধৰিবে মোৰ গাৱে,
 তেবে গুছে ইতো মোৰ কামশৰ জুই।
বোলে দেৱগণে জানাসাৰ,  নাৰীরূপে ক্ষেত্ৰী অৱতাৰ,
 যুদ্ধক প্ৰবন্ধে মাধৱক খেদি যাই॥ ২২২ ॥
বোলে বাক অন্যদেৱগণে,  কৃষ্ণক শুমৰি ৰঙ্গমনে,
 ঘোৰ গদা ধৰি ৰণক চলিলা ৰাই।
সাবাকে এৰি কৃতাঞ্জলিকৰি, কাৰ্য্যক দেখিলোঁ নেত্ৰভৰি,
 আজিৰ যুদ্ধত হাৰিব জানো কানাই॥ ২২৩ ॥
বস্ত্ৰক কবচে বোলে তাত ,  কবচ উপৰে কণ্টা যত,
 ঘোৰ যুদ্ধে বিন্ধি মুৰ্চ্ছিত ক্ষেত্ৰিয়গণ।
ৰাধাৰ হৃদয় স্তন দুই,  লোহাৰ কণ্টক সম হুই,
 তার বিষে কৃষ্ণ হুইবে আজি অচেতন॥ ২২৪ ॥
যেবে ৰণ জিনো দামোদৰ,  তেবে ৰঙ্গ হৈবে পুরুষৰ,
 ৰাধাৰ জয়ত কৌতুক নাৰী সবাৰ।
এহি বোলি বুলি দেৱগণে,  কৃষ্ণৰ জয়ক সাধে মনে,
 সাধে দেৱ নাৰীগণে জয়ক ৰাধাৰ॥ ২২৫ ॥
কৰ্পূৰ তাম্বুল তুলি ধৰি,  সুবৰ্ণ সফুৰা ভৰি পুৰি,
 ৰত্নাৱলী উঠি ত্বৰিতে দিলা গোচৰ,
শুনিয়ো বচন ৰাধাৰাই,  যাচি গৈলে পুনু মান্য নাই,
 নাৰী কোন আন পুরুষক খেদি যাই॥ ২২৬ ॥