এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৮ ]
ৰামনাম নৌকাএৰি কোনে যাইবা তৰি।
ভৰাদিয়া যদি যাবে নতু আসে বুৰি॥
কহে ৰাম সৰস্বতী এহি তত্ব সাৰ।
ৰাম ৰাম বুলি হোৱো সংসাৰৰ পাৰ॥ ২১৮ ॥
লেচারী।
সুকণ্ঠীৰ বাক্য মনোহৰ, শুনি ৰাধা উঠি অনন্তয়
নেতবস্ত্ৰখানি পিন্ধিলা গাৱে মেৰাই।
নিতম্ব যৌবনী ক্ষীণ কটী, ৰত্নৰ মেখলা বান্ধে আৰ্টি,
যেন ফলভৰে ভাঙ্গিযো পৰয় ডাল॥ ২১৯ ॥
বস্ত্ৰে ঢাকিলেক দুই স্তন, মেঘে টাকে যেন পূৰ্ণচান,
যদি আৰ হোৱে তথাপিতো গৌৰবৰ্ণ।
তথাপিতো জ্বলে দুইস্তন, ঢাকিবে নোৱাৰে একোতন
আকাশত প্ৰকাশন্ত যেন দুই চন্দ্ৰ॥ ২২০ ॥
বিমানত বসি দেৱগণে, বিয়াকুল-চিত্ত কামবাণে
স্তনভৰে হাণ্ঠীতে হালে কৃশ-কঙ্কাল।
হাতেনানা পুষ্পগুচ্ছ লৈয়া, চলিযান্ত দেবীমত্ত হুয়া
সুৰত কৰ্ম্মত জিনিবো আজি গোপাল॥ ২২১ ॥