পৃষ্ঠা:গীতগোবিন্দ.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৬ ]

তাসম্বাক স্নেহে কৃষ্ণে বুলিলন্ত বাক।
পৰিহাঁস কৰিলোহোঁ নুবুঝিলা তাক॥
এহি বুলি বসন্ত প্ৰকাশ দিব্য বনে।
গোপিনী সহিতে হৰি পশিলা তেখনে॥ ৫৮ ॥
বসন্ত ৰাগৰ শুনা ইমত লক্ষণ।
প্ৰমত্ত পুরুষ গোটা দেখিতে শোভন॥
মযূৰৰ পুচ্ছে চূড়া বান্ধি মনোহৰ।
পৰিধান বস্ত্ৰ বৃক্ষপল্লব পত্ৰৰ॥ ৫৯ ॥
সুন্দৰ সুবেশমূৰ্ত্তি গতি মনোৰম।
ইসব লক্ষণে ৰাগ বসন্ত উত্তম॥
বসন্তেৰ সমে ষড়ঋতুৰ আহ্লাদ।
যুবা বৃদ্ধগণৰ মনত উনমাদ॥ ৬০ ॥
বসন্তত কোকিলে সঘনে কাঢ়ে ৰাৱ।
যুবতৰ বসন্তে নিচিনে বাপ মাৱ॥
নদীত বসন্ত লাগি যোৱাৰিলা পানি।
মৎস্যত বসন্ত লাগি ধৰিলা উজানি॥ ৬১ ॥
সদাগৰে নাজানে নাৱৰ উজান ভাটি।
বৃদ্ধত বসন্ত লাগি হাতে ধৰে লাঠি॥
মৈৰাত বসন্ত লাগি ধৰিলা পেখান।
যোগীত বসন্ত লাগি ভঙ্গ ভৈলা ধ্যান॥ ৬২ ॥