এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]
স্বামী হাক দেই, ননন্দী বাধই,
ফিৰি কাকো নামাতিলা॥ ৩১॥
ৰন্ধন শালাত, আচিলেক কেহো,
নুধুইলেক হাত ভৰি।
ঘুমটীৰ হন্তে, গৈলা গৱৰন্তে,
গাৰো বস্ত্ৰ নসম্বৰি৷৷
আৰত লুকাই, আৰ জনীযাই,
লৱৰন্তে গোপীঝাক,
বোলন্ত সতিনী, হুইব এহি জনী,
কৃষ্ণে নামাতিবে মোক॥ ৩২॥
কতো গোপিনীক, দুয়াৰ বান্ধিয়া,
স্বামীৰে ৰাখিলে ধৰি।
মনত নৈৰাশে, পৰম বিৰহে,
মৰিল কৃষ্ণক স্মৰি৷৷
সুৰত আলাপে, আছিলেক কেহো,
স্বামীৰ ধৰি কণ্ঠত।
যাইৰাক খোজন্তে, স্বামীয়ো নেৰন্তে,
নৈৰাশ ভৈলা মনত॥ ৩৩॥
তোৰ অধিকাৰ, শৰীৰ আমাৰ,
অছোহোঁ তাহোঁৰ স্থানে॥