পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পট,—ৰত্নেশ্বৰৰ চ'ৰা।
(ৰত্নশ্বৰ, কচুখোৱা আৰু কেৰপাই)

 ৰত্ন।— তহঁতৰ গাফিলিতে মোৰ ফালে আৰু আধ্যা পৰিবগৈ যেন হে দেখিছোঁ। মই ইমান দঢ়াই দঢ়াই কৈ আছিলোঁ, বোলোঁ, সময়ত খাজনা শোধাব নোৱাৰিলে মোৰ গাৰ ফালে টান পৰিবগৈ। কিন্তু, কাৰ ভাগিন মৰে, কাৰ হয় হানি ! মোৰ বিপদ মিলিলে, তহঁতৰ কি হ'ব? কালি ৫/ পাঁচটকীয়া সুদেৰে দুহেজাৰ টকা ধাৰ কৰিহে এই কিস্তিৰ লেঠাটো মাৰিছোঁ; তহঁতৰ সেই বাবে কি হ'ব? তহঁতে মাথোন গাঁৱে গাঁৱে মেল পাতি ফুৰিবলৈ পালেই হ'ল।

 কেৰ্‌পাই।— দেউতাই আমাৰ ওপৰত আৰু কেতিয়াও চোভা নেৰে! গাফিলিকে কৰিছোঁ নে মেল পাতিয়ে ফুৰিছোঁ, নেদেখা জনে দেখি আছে নহয়; আৰু দেউতাই যাকে সোধে সেয়ে ক'ব।

 ৰত্ন।— থ, থ, তোৰ সাদৰী কথাখন। মই তহঁতৰ আটাইকেওটাকে হাড়লৈকে চিনিছোঁ; তহঁতে মুখতে আটাইখিনি কৰ, কামৰ ফালে কিন্তু একো নাই। তহঁত যে বহি নাথাক, বাৰু, কচোন, মই ওলাই গলে যে লগতে মানুহ আহি চ'ৰাঘৰ ভৰি পৰেহি, তহঁতে গলে নো কিয় বাটলৈ চাওঁতে আমনি লাগে? যদি ৰায়ত বলাবৈ নোৱাৰ, তেন্তে গাওঁবুঢ়া হ'বলৈ বিচাৰিছিলি কিয়? মই পূৰ্ব্বতে নকৈছিলোঁ, বোলোঁ, এতিয়া বিষয় পাবলৈ খাটি ফুৰিছ হয়, পাচে হে তাৰ পৰিণাম বুজিবি। বিষয়া বুলিলেই, বিষয় চাই, দুখ আছেই; এতিয়া কেঁকাই দেখুৱালে কোনে শুদাই এৰিব?

(ভোগমনৰ প্ৰৱেশ)