পৃষ্ঠা:গল্প সংকলন.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
গল্প সঙ্কলন ২য় ভাগ

অৱস্থা মাটি-বাৰী, ধন-সম্পত্তি, হাতী-ঘোৰা, গৰু, চাকৰ-নাকৰসৈতে একে- বাৰে নদন বদন। সৰুৰে পৰা অভাব কাক বোলে ৰাজাবাবুয়ে নাজানে। অসীম সাহস আৰু ক্ষমতা তেওঁৰ। তেওঁ কৰিব নোৱাৰে এনে কোনো কাম নাই৷ সকলো তেওঁৰ হাতৰ মুঠিত। সদায় চিকাৰ, বন্দুক হাতী, বন্ধুবান্ধবৰ সৈতে গল্প পান-ভোজনত ব্যস্ত। তেওঁ হাতী আৰু বন-জঙ্গলৰ বৰ অনুৰাগী। তেওঁৰ কাৰণে যেনিবা জঙ্গলেই মঙ্গল। বিয়াৰ কথা তুলিলে, তেওঁ হাঁহি কয়, “ফুলনিৰ ফুলতকৈ বননিৰ ফুলবোৰ ভাল।”

 খেতিবাতি উঠাৰ পিচত অৰ্থাৎ মাঘবিহুৰ সময়তে ৰাজাবাবুয়ে লগৰীয়া চিকাৰী আৰু বন্ধুবান্ধব লৈ সেই পাহাৰী গাওঁ খন লৈ যায়। তাতে শিবিৰ পাতি বন-জঙ্গলত চিকাৰ কৰে। বনৰ বাঘ, হৰিণা, গাহৰি আদি মাৰে। গাৱৰ মানুহবোৰে ও চিকাৰৰ ভাগ পায়। সাধাৰনতে সৰ্দ্দাৰ সকলে শিবিৰত তেওঁলোকৰ থকা মিলা, খোৱা আৰু আৰামৰ ব্যবস্থা কৰিব লাগে। মাননীয় অতিথি চিকাৰী দলৰ অভ্যৰ্থনাৰ কাৰণে নিজে কিছু ক্ষতিগ্ৰস্ত হলেও পাহাৰী লোক সকলে বিশেষ আপত্তি কৰা দেখা নাযায়। স্বভাবতঃ সিহত সৰল সহজ আৰু অতিথি পৰায়ন মানুহ।

 ৰাজাবাবুৰ কেম্পত পান-ভোজন, আমোদ-প্ৰমোদ কোনোগুণে কম নহয়। সদায় সকলো সময়তে হৈ-চৈ লাগি আছে। প্ৰত্যেক দিন দোকমোকালিতে চিকাৰীৰ দল হাতী-বন্দুক লৈ বননিৰ ফালে ওলাই যায় চিকাৰৰ সন্ধানত। সন্ধিয়া হলে বাঘ হৰিণা, গাহৰি কিবাকিবি হাতীৰ পিঠিত বোজাইদি শিবিৰলৈ ফিৰি আহে। আনন্দ আৰু চিকাৰৰ ভাগ লবলৈ চাওঁতাল, নেপালী কুলিৰ চৰ্দ্দাৰ সকলে ৰাজাবাবুৰ কেম্পলৈ আহি চালাম দিয়ে আৰু হুকুম পালন কৰে। কিন্তু মৰা হৰিণা-গাহৰিৰ মঙ্গহ আৰু টকাৰ সলনি সৰ্দ্দাৰ সকলে কি দিব লাগে—? মানুহৰ কেঁচা মঙ্গহ—চিকাৰীদলৰ ভোগ লালসাৰ সামগ্ৰী নিপোটল পাঁহাৰী গাভৰুহঁতক।