পাইছো; কিন্তু তেওঁলোকেও মোক নাজানে, যদি ভোলাই মোৰ বিষয়ে তেওঁ-
লোক একো নকয়। কি জানি অনুপমাই মোৰ কথা পাহৰি গৈছে? কি
জানি ভোলাই কৈছে? যদি কৈছে, তেনেহলে অনুপমাৰ মনৰ ওপৰত মোৰ
কথাৰ প্ৰতিক্ৰিয়া কেনে হব, সেই কথা চাবলৈ মোৰ সুযোগ নাই। বোধহয়
অতিয়া মোৰ বিষয়ে এবাৰ ভাবি চাবলৈ তেওঁলোকৰ সময় নাই।
সেইবেলি ‘ইণ্টাৰ মিডিয়েট্’ পৰীক্ষা পাছ কৰি ঘৰতে বেকাৰ হৈ পৰি আছিলো। কাৰণ ঘৰৰ আৰ্থিক অৱস্থা নোহোৱাত উপৰলৈ পঢ়া আশা একেবাৰে বাদ। কিন্তু যৌবনৰ আশা আকাঙ্খাবোৰ সমূলি মাৰ যোৱা নাছিল। চাকৰী কৰিও পঢ়াৰ আশা কৰিছিলো। অবশেষত টিউচন-ঘৰুৱা শিক্ষ- কতা কৰিয়েই চলিব লগা হল। গতিকে আমাৰ মেচৰ ওচৰতে থকা মিঃ বৰুৱাৰ জীয়েক শ্ৰীমতী অনুপমাক ঘৰতে ৰাতিপুৱা আৰু গধুলি পঢ়াওঁ। তাই এইবাৰ মেট্ৰিকৰ কাৰণে প্ৰাইভেট কৈ সাজু হৈছে। কিন্তু তাৰ বাহিৰেও আমাৰ মাজত ভালেমান কথা আছিল।
মোৰ প্ৰথম যৌবনৰ প্ৰথম অনুৰাগ-প্ৰেম সেই অনুপমাই জগাই তুলি- ছিল। এই কথা তাই অস্বীকাৰ কৰিব নোৱাৰে। মই তাইক অন্তৰৰে ভাল পাইছিলো। তায়ো মোক তদুনুৰূপ ব্যৱহাৰ কৰিছিল। সেই সময়ত অনুপমাক কেন্দ্ৰ কৰিয়েই মোৰ সকলো কাজ কৰ্ম্ম, চিন্তা ভাবনা চক্ৰ ঘুৰি- ছিল। তাই যেনিবা আছিল মোৰ কল্পনাৰ মধুৰ সপোন আৰু অনুপ্ৰেৰণাৰ উৎস— মোৰ ভবিষ্যত জীৱনৰ আশা-ভৰষাৰ স্থল। সময়-সুবিধা বুজি মই মোৰ অভিপ্ৰায় আৰু পৰিকল্পনাবোধ তাইৰ আগত ব্যক্ত কৰিছিলো। অনুৰাগ প্ৰেম যৌৱনৰ ৰীতি! কিন্তু নিষ্ঠুৰ বাস্তব— অৱস্থাৰ ব্যৱধান —সামাজিক বাধা?
এদিন গধুলি সুযোগ সুবিধা বুজি মই অনুপমাক মোৰ অন্তৰৰ প্ৰেম-অৰ্ঘ্য নিবেদন কৰিলো—কিন্তু তাই গম্ভীৰ হৈ কঠিন স্বৰে মোক সমিধান দিলে, “মাফ্ কৰিব চাৰ, মোৰ পৰীক্ষা আগত, এইবোৰ কৰিবলৈ মোৰ সময় নাই”