পৃষ্ঠা:গল্প সংকলন.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
গল্প সঙ্কলন ২য় ভাগ


কব খোজো—প্ৰেম, ভালপোৱা, বিবাহ, মিলন একেবাৰে আকস্মিক ঘটনা। আনৰ কথা নালাগে, নিজৰ জীৱনৰে কথাকে কৈছোঁ—শুনক। গোটেই দিনটো পথাৰত কাম কৰি আবেলি ইছামতীৰ ঘাটত স্নান কৰা মোৰ দৈন- ন্দিন অভ্যাস। সেই বাস্তুহাৰা কলোনীৰ তিৰোতাবিলাকেও এই ঘাটৰ পৰা পানী লৈ আমাৰ কেম্পৰ আগেদি যায়।

  এদিন সন্ধ্যাসময়ত এই ঘাটত দেখিলোঁ—কুমাৰী আশালতা মণ্ডলে (এতিয়া মোৰ পত্নী) অকলে গা ধুই আছে। নিলগৰ পৰা মই দৃশ্যটো উপ- ভোগ কৰিলোঁ। স্নান শেষ কৰি তাই লয়লাস ভঙ্গীৰে কলহত পানী ভৰাই পানীৰ পৰা নদীৰ পাৰত উঠিল। বোধ হয় পিচল মাটিত ভৰিৰ খোজ পিচলি গ’ল আৰু চকুৰ পলকতে কলহৰ সৈতে পৰি গল। মোৰ অজানিতে মই দৌৰি গৈ তাইৰ ওচৰ পালোঁ। লাহেকৈ হাতেৰে তাইক তুলি ধৰি মাটিত থিয়কৈ থলো; লাজতে মোৰ মুখৰ পৰা কোনো কথা নোলাল। নাইবা ধন্যবাদ সূচক কোনো কথা তাই মোক নকলে। গাভৰু ছোৱালী বোধহয় খুব লাজ পাইছে। ভিজা কাপোৰখন সামৰি লৈ তলমুৰকৈ এখুজি দুখুজি কৰি নিজৰ ঘৰৰ ফালে খোজ ললে। মই বহুসময় তাই যোৱা চাই আছিলো। ভাগ্য ভাল, ওচৰত অন্য কোনো মানুহ নাছিল। আপুনি নিশ্চয় বুজিব পাৰিছে, এই সাধাৰণ ঘটনাটোৱে মোৰ জীৱনত বহু পৰিবৰ্ত্তন আনিলে যাব কাৰণে আজি মই সকলোৰে নিন্দা গৰিহনাৰ পাত্ৰ হৈছোঁ।”

 বৰুৱাই আকৌ আৰম্ভ কৰিলে—“এই দৰে আমি দুজনে আন্ধাৰৰ সুযোগ, লৈ এই নদীৰ পাৰত গোপনে গোপনে অনেকবাৰ কথাবতৰা হৈছো। আচল কথা ছোৱালী জনীক স্পৰ্শ কৰাৰ পৰাই মোৰ অন্তৰত অপূৰ্ব্ব আনন্দৰ শিহৰণ আৰু এটা প্ৰবল অনুভুতি জাগি উঠিছে। আপুনি কব পাৰে ই মোৰ দুৰ্ব্বলতা”। কিন্তু কোনো লাজব কথা নহয়, সেই দুষ্ট ছোৱালীজনীক নিজৰ কৰি লবৰ কাৰণে মোৰ লোভো জাগিছিল।