ছায়া মূৰ্ত্তী অন্তৰ্ধ্যান হল। দুধাৰি আনন্দৰ চকুলো বাগৰি যায়—শিল্পীৰ
শুকান গালৰ ওপৰেদি। সাগৰত মহামূল্য মানিক হেৰালে, যদিও শিল্পীয়ে
আজি প্ৰকৃত পথৰ সন্ধান পাইছে।
বাস্তবৰ কঠোৰ খুন্দাত অজ্ঞাত শিল্পীৰ সোনালী হুখকৰ সপোন হেবাই যায় : সি বাৰে বাৰে তাক পাবলৈ ইচ্ছা কৰে। কিন্তু এজন গ্ৰাহকৰ মাতত তাৰ টোপনি ভাঙে——তাৰ ৰঙীন কল্পনাবোৰ ভাঙি চুৰমাৰ হৈ যায়। এজন মানুহে তাক ফটা ছোলাটোত ধৰি মাতিব ধৰিছে, “হেৰা, নুঠা কেলেই? ৺ৰামকৃষ্ণৰ ছবিখন মোক লাগে। খুব সুন্দৰ আৰু হুবহু হৈছে ছবিখন। দামনো কিমান?
—এটকা মাত্ৰ।
—অ আই, আজি কালি ৰূপ এটকা জানো কম? বাৰু, আঠ অনাত দিবানে?
—ভাল লৈ যাওক। ছবিখন আপোনাৰ পছন্দ হৈছে। মোৰ কাৰণে সেয়ে যথেষ্ট।
ৰাতিৰ এন্ধাৰ ঘনীভূত হৈ আহিছে। এটি এটিকৈ ফুট পাথৰ গ্যাচলাই টবোৰ জ্বলিব ধৰিছে। ৰাতিৰ বাসস্থান, আহাৰ নিদ্ৰাই অজ্ঞাত শিল্পীক সোঁৱৰাই দিলে, “এইবাৰ ফিৰিবৰ হল।” আধুলিটো জেপত ভৰাই আৰি থোৱা ছবিবোৰ তাৰ ভঙা ছুটছেটোত সামৰি ললে। তাৰ দিনটোৰ পাৰি- শ্ৰমিক, ৰাতিৰ সম্বল —সেই আঠ অনা পইচাকে লগত লৈ লাহে লাহে ঘৰৰ ফালে খোজ লয়। তথাপি তাৰ কোনো অনুতাপ বা দুখ নাই। তাৰ একমাত্ৰ শান্তনা যে, আজি কালিৰ মানুহে শিল্প কলাক সমাদৰ কৰিব ধৰিছে। তাৰ দৰে অজ্ঞাত শিল্পীৰো সামান্য প্ৰতিভা মানুহে স্বীকাৰ কৰিছে। সিদিনা কাগজত খবৰটো পঢ়ি তাৰ কি যে আনন্দ। ——‘জনপ্ৰিয় ছৰকাৰে ৰাজধানীত পাঁচ- লাখ টকা ব্যায় কৰি এটা জাতীয় সঙ্গীত কলা মন্দিৰ স্থাপন কৰিছে, আৰু মাননীয় প্ৰধান মন্ত্ৰীয়ে মন্দিৰৰ দ্বাৰ মুকলি কৰিছে। ভাৰতৰ নানা ঠাইৰ