এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গল্পাঞ্জলি

( ২ )

 ধৰণীৰ এই “হাতীকা দাঁত” ওলোৱাৰ বহু দিন হল বুলি কোনোৱে কব নোৱাৰে। স্কুলত দুই বন্ধুৱে একেলগে পঢ়াত এনে দিন গৈছে, যেতিয়া ধৰণীয়ে নবীনৰ ঘবলৈ কিবাকিবি খাবলৈ আহিব বুলি নিশ্চয়কৈ কৈয়ো আহা নাছিল, আৰু নবীনে বাট চাই চাই খঙত অভিমানত কান্দি পেলাইছিল। এনে দিন গৈছে যেতিয়া নবীনে ধৰণী আহিব আহিব বুলি শনিবাৰৰ ৰাতি বাৰ বজালৈ উজাগৰে আছিল, অথচ ধৰণী নাই। কলেজতে এনে দিন গৈছে যেতিয়া কোনো সভালৈ বা “চিৰিয়াখানা” বা “যাদুঘৰলৈ যাবৰ কাৰণে নবীনে কাপোৰ পিন্ধি সাজু হৈ আছিল, অথচ ধৰণী নোহোৱাত তেওঁৰ পিন্ধা কাপোৰ পিন্ধাই থাকিছিল, আৰু সেই খঙতে এসপ্তাহলৈ ধৰণীক তেওঁ ভাল ৰূপে মাতা নাছিল। অথচ সেই ধৰণীৰে এতিয়া মুখত “মৰ্দ্দা কা বাত,হাতীকা দাঁত” হৈ উঠিল। কথাটি শুনিবলৈ বিষম, কিন্তু অনেক বিষম কথা সংসাৰত ঘটে।

 জহৰ বন্ধত ঘৰলৈ অহাত ধৰণীয়ে নবীনব কথা এৰাব নোৱাৰি তেওঁৰ ঘৰত এৰাতি থাকিব বুলি আহিছিল। পাচে তেওঁলোকে চাহ খোৱাত এনে এটি ঘটনা ঘটিল, যে ধৰণীয়ে, সেই এৰাতিৰ ঠাইত নবীনৰ ঘৰত তিনি দিন খাকিহে তাৰপৰা ঘৰলৈ গল।

 নবীনৰ মাক নাই; ভনীয়েক পাৰ্ব্বতীৰ জন্ম হোৱা মাত্ৰকে মাকব মৃত্যু হয়। পিতাকে আৰু বিয়া কৰোৱা নাই। বহুতে