পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮২
গল্পাঞ্জলি

নিৰ্ব্বাসিতা। সৰোজ! সৰোজে মালিনীৰ নিৰ্ব্বাসন শুনি, ভবিষ্যত আশা পৰিত্যাগ কৰি অগাধ চিন্তাত নিমগ্ন। চিন্তা এই, মাক বাপেকৰ আজ্ঞা লঙ্ঘন কৰি তেওঁ মালিনীৰ অনুগমন কৰা উচিত নে অনুচিত।

(৫)

 সৰোজে ঠিক কৰিলে মালিনীৰ লগত যোৱা। কিন্তু পিতা মাতাৰ আদেশ পালন নকৰি, আৰু বিশেষ, স্ত্ৰৈণতা প্ৰকাশ কৰি যায় কেনেকৈ? এইদৰে যোৱা দেখিলে মানুহে তেওঁক নিন্দা কৰিব। লোক-নিন্দাতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ। আন পিনে, মালিনী নিৰ্ব্বাসিতা হল। তেওঁৰ অবিহনে সৰোজ থাকে কেনেকৈ? যাৰ নিমিত্তে সংসাৰৰ মহৎ মহৎ পাপ-সাপক সোণৰ হাৰ বুলি গলত আৰি লবলৈ প্ৰস্তুত, সেই মালিনী যদি দেশৰপৰা নিৰ্ব্বাসিতা হয়, তেনেহলে তেওঁ ইহলোকৰপৰা নিৰ্ব্বাসিতা হোৱাতো একো আপত্তি নাই। মুঠৰ ওপৰত চিন্তাসাগৰৰ গভীৰৰপৰা গভীৰতৰ জলত নিমগ্ন হৈ দেখিলে তেওঁৰ মৃত্যুই শ্ৰেয়ঃ। যেতিয়া কোনো মানুহ ভয়ানক বিপদত পৰে, তেতিয়া প্ৰায়েই মানুহৰ বুদ্ধি লোপ পায়। সদায় মন কুভাব-তৰঙ্গ-ঘাতেৰে চালিত হৈ কুপথত ভ্ৰমণ কৰিব ধৰে। সৰোজৰো আজি ঠিক সেয়েই হৈছে। যিমান ভাবে, সিমান বেয়া ভাবে আহি লগ ধৰে। বুদ্ধি একেবাৰেই লোপ পাইছে। ভাবি ভাবি আন একো উপায় নাপাই মালিনী বিহনে থকাতকৈ মৰাই ভাল