পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
গল্পাঞ্জলি

চিন্তা উপস্থিত— এটি সংসাৰ, এটি ঈশ্বৰ। সৰোজৰ মুখ দেখিলে সংসাৰ আৰু সংসাৰ-তত্ত্ব দেখিলে ঈশ্বৰক মনত পৰে।

(৪)

 সেই দিনাৰপৰা বৌদ্ধধৰ্ম্মৰ ফালে মালিনীৰ বৰ শ্ৰদ্ধা হল। প্ৰায় সদায় ধৰ্ম্মৰ ভাবতেই কাল নিয়ায়। এতিয়া সৰোজৰ লগতো প্ৰায় ধৰ্ম্মৰ বিষয়ে হে কথা হয়। তেওঁৰ এদিন শ্ৰমণ ভোজন কৰাবলৈ বৰ অভিলাষ হল, কিন্তু মহাৰাজ কৃকী গোৰা হিন্দু; প্ৰাসাদত আনি শ্ৰমণ-ভোজন কৰায়, মালিনীৰ এনে সাহস নাই। তথাপি, ৰূপবতী মালিনী মাক-বাপেকৰ মৰমৰ ছোৱালী, যি খোজে তাকে পায়। যদিও ৰাণী বা ৰাজা এই কথাত বিৰক্ত হৈছিল, তথাপি জীয়েকৰ মৰমৰ নিমিত্তে শ্ৰমণ-ভোজন দুই তিনিবাৰ সাপ্তাহিক হয়। এইবিলাক দেখি শুনি ৰাজসভাস্থিত পণ্ডিতসমাজ মালিনীৰ ওপৰত অসন্তুষ্ট। তেওঁলোকে ৰাজাক বহুত বুজাইছিল; তথাপি অপত্য স্নেহৰ গুণে অসাৰ সংসাৰ মধুময় বুলি বিবেচিত হয়; সেই অপত্য স্নেহ আহি, সেই বিলাক আপত্তিৰ ওপৰত, অনলত জল পৰাৰ দৰে অজস্ৰ ধাৰে পৰিল। কৃকীয়ে ভাবিলে, মালিনী বালিকা, ইয়াত দোষ নাই। বয়সৰ লগে লগে মনৰ পৰিবৰ্ত্তন হব।

 যিদিনাখন মালিনী আৰু সৰোজে মহাত্মাজনৰ লগত সাক্ষাৎ কৰে, সেই দিনা তেওঁ চাৰি বছৰৰ মূৰত ঘূৰি আহিব বুলি কৈছিল। আজি প্ৰায় চাৰি বছৰ বিগত। মালিনী ধৰ্ম্মত লিপ্তা। তেওঁ কোন দিনা সংসাৰ বন্ধৰ পৰা মুক্তি পাই ধৰ্ম্মৰ