পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মালিনী

(পুৰণি আখ্যায়িকাৰপৰা।)

( ১ )

 বাৰাণসী ৰাজ-অন্তঃপুৰৰ ফুলনি— গঙ্গাৰ পাৰৰপৰা বাৰাণসী-ৰাজ কৃকীৰ প্ৰাসাদলৈ বিয়পি থকা ফুলনি। নানাপ্ৰকাৰ ফুল— গোলাপ, যূতি, জাইঁ, চম্পা, গুলঞ্চ, গুটিমালী, লবঙ্গ প্ৰভৃতি কুসুমবিলাকে, সূৰ্য্য অস্ত গমনোন্মুখ সময়ত, ৰবিৰ ৰাঙলী ৰশ্মি পৰি থকা ভাগীৰথীৰ পবিত্ৰ সলিল শোধিত বায়ুৰে সৈতে নিজৰ সৌৰভ মিহলি কৰি উদ্যান দেৱীক অৰ্চ্চনা কৰিব ধৰিছে। ওপৰত ডাঙৰ ডাঙৰ গছত পৰি চৰাই বিলাকে সূৰ্য্যদেৱক শোক সঙ্গীত গাই বিদায় দি নিজৰ পোৱালিবিলাকে কি কৰিছে, কি নকৰিছে চাবলৈ ধৰিছে। এনে সময়ত এজন উন্নত-ললাট, দীৰ্ঘবাহু, সুশ্ৰী যুবকৰ লগত ৰূপ-লাবণ্যযুতা এজনী যুবতী সেই গঙ্গা-তীৰৰ উদ্যানলৈ আহিল। যি ঠাইলৈ মানুহে শতসহস্ৰ শোকত পীড়িত হৈ গলেও সুখ লভে, সেই ঠাইত এনে দুজন যুবক-যুবতী বহি থকা দেখিলে যে মনত কি সুখ হয়, তাক ভাষাৰে বুজাই কব নোৱাৰি। যুবক-যুবতী উভয়ে নীৰবে আহি বকুল গছৰ তলত থকা শিল এটিত বহিল। বহুত পৰলৈ উভয়ে নীৰব। প্ৰকৃতিও নীৰব; কাৰণ, এতিয়া দিনৰ ভাগ নাই। কেবল কুসুমামৃত-পিপাসু মলয়াৰ সংঘৰ্ষণত কোমল কুসুমৰ কোমল অঙ্গৰ পৰা যি শব্দ উঠিছিল, তাকে মাথোন শুনা গৈছিল। বহুত পৰৰ মূৰত