পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পশুপতিৰ বিয়া

(১)

 জনম আৰু মৰণৰ মাজতে এই দুইৰ নিচিনাই বিয়াও আমাৰ সমাজত অৱশ্যে এটি ঘটনীয় ঘটনা। প্ৰভেদ এই— জন্ম মৃত্যু সৰ্বনিয়ন্তা পিতাৰ হাতত; আৰু বিবাহ মানব-সমাজৰ কৰ্ম্ম। পশুপতিৰো বিধাতাব বিধান মতে জন্ম হৈছিল; আৰু সম্ভৱতঃ বিধাতাৰ বিধান মতে তেওঁৰ মৃত্যুও হব। এতিয়া মাজৰ কৰ্ম্ম, সমাজৰ অৱশ্য-কৰ্ত্তব্য বিয়াৰ বয়স তেওঁৰ হৈছিল। বয়স হৈছিল; কিন্তু বিয়া হোৱা নাছিল।

(২)

 পশুপতিৰ বিয়া হোৱা নাছিল, আৰু নহবৰ বহু কাৰণো আছিল। পশুপতিৰ বাপেক ধনী অৰু মানী মানুহ আছিল। মানুহে কয়, তেওঁৰ জীৱিত অৱস্থাত তেওঁৰ নিচিনা তেজস্বী, প্ৰতাপী আৰু সাধাৰণৰ প্ৰিয় মানুহ সেই অঞ্চলত আৰু নাছিল। যেতিয়া পশুপতিৰ বয়স মুঠতে দুই বছৰ, তেতিয়া তেওঁৰ পিতাকৰ এটি ডাঙৰ মোকৰ্দ্দমা লাগে। দুই বছৰমান সেই মোকৰ্দ্দমা চলোৱাৰ পাছত তেওঁৰ টকা-কড়ি বহুতো খৰচ হল আৰু এদিনা গুৱাহাটীত থাকোঁতে হঠাতে হাজিয়া বেমাৰত পৰি তেওঁৰ মৃত্যু হল। সেই সময়ত পশুপতিৰ মাক মাথোন তেওঁৰ এক মাত্ৰ অভিভাবক আছিল। শিশু-নায়ক আৰু স্ত্ৰী-নায়ক গৃহস্থৰ