পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সন্ন্যাসিনী

পাছ দিনা পুৱা তেওঁ যাবলৈ ওলোৱাত মই কলোঁ, “আজি নগলে নহয় নে?” এইদৰে মোহন আমাৰ ঘৰত সাত দিন থাকিল। তেতিয়া বন্ধৰো অন্ত পৰিল; তেওঁ ঘৰলৈ গল।

( ৩ )

 “মোহন যাবৰ দিনা মোৰ মনত কি এটা ভাবৰ উদয় হল, ফুটাই কব নোৱাৰোঁ; অলপ দুখো লাগিল, আনন্দও যেন অলপ হল। সেই ভাবটি প্ৰকাশ কৰিবলৈকো যেন লাজ লাগে, আৰু মোৰ ভাব-গতিক দেখিও যেন আনে বুজিব পাৰে, এনে বোধ হল। যি হক মনৰ কথা অতি গোপনে চেপা দি ৰাখিলোঁ। সিদিনাৰপৰা মোহনৰ কথা ভাবি ভাল লগা হল। দুদিনৰ পাছত সকলো কামতে সেই একে কথা মনত পৰি থাকিবলৈ ধৰিলে। ৰাতি শুই শুই মায়াময়ী কল্পনাৰ বলত সুখৰ ৰাজ্য আঁকিবলৈ ধৰিলোঁ। এনেতে ককাইদেও কলিকাতালৈ গল। যাৰৰ দিনা কিছুমান কথা কম বুলি মনতে ঠিক কৰি ৰাখিছিলোঁ, কিন্তু লাজে ভেটি ধৰিলে। মনে মনে ভাবিলোঁ, চিঠি লিখিম।

( ৪ )

 “এনেতে পূজাৰ ছুটি আহিল, ককাইদেৱৰ ঘৰলৈ অহাত সাত দিন পলম হল। পিতাদেৱে ককাইদেৱক সুধিলে, কাৰণ কি? তেওঁ কলে যে, “মোহনৰ জ্বৰ হৈছিল, ঘৰৰপৰা মানুহ গৈ নোপোৱাৰ কাৰণে আহিব পৰা নাছিলোঁ”। পিতাদেও