পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩
নৈৰ দাঁতিত

হল। মালতীয়ে তেতিয়া নানাপ্ৰকাৰ লাঞ্ছনা সহি নিজৰ ৰজাৰ নিচিনা সম্পত্তি আনক দি এতিয়া নৈৰ দাঁতিৰ এই পঁজাটিত বাস কৰিছে। এতিয়া তেওঁক কোনোৱে মানুহ নোবোলে; কোনোৱে উলটি নাচায়; বাপ ভাই দহজনত খুজি মাগি যি এমুঠি চাউল পায় তাৰেই পোৰা-পেটক সন্তোষ কৰি ৰাখে। এতিয়া মালতীৰ একমাত্ৰ বাঞ্ছা এই সংসাৰৰ পৰা বিদায় লোৱা। যি ঠাইত তেওঁৰ সংসাৰৰ সকলো আশা আৰু ভৰসাই বুৰ মাৰিছিল, সেই ঠাইৰ সমুখত বহি নিতৌ চকুলোৰে মালতীয়ে তেওঁৰ দেৱতাক এই পোন্ধৰ বছৰ পূজা কৰিছে; তেওঁৰ মৰমৰ মালতীক নিবলৈ এই পোন্ধৰ বছৰ প্ৰাৰ্থনা জনাইছে। মালতীৰ ইমান ফেৰি শেষ বাঞ্ছাও পূৰ নহয় নে?