পৃষ্ঠা:গল্পাঞ্জলি.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪১
নৈৰ দাঁতিত

থিয় হৈ থকা গাভৰুসকলে উৰুলি পাৰি মালতীক লগৰীয়াৰ সম্ভাষণ-বাতৰি জনালে; নদীৰ পাৰ আনন্দে বিয়পি পৰিল। এনেতে নৈৰ ফালৰপৰা কিহৰ এটি কেনে শব্দ আহিল? সকলোৱে চাই দেখিলে কি সৰ্ব্বনাশ! হায়! হায়!! সৌৱা চাকনৈয়াত পৰি কালীনাথৰ নাও বুৰ গল। তাৰ লগতে ইমান আনন্দ, ইমান আশা সকলো অনন্ত জলত বুৰ গল!! পণ্ডিত-সজ্জনে কলে শাস্ত্ৰ নামানাৰ এই ফল!

 মালতীৰ জীৱনৰ আশা-ভৰসা সকলো সিদিনা সেই দুখৰ নৈত ডুবি গল। শাহুৱেকে লৰাটিৰ লগত মালতীক সাবটা মাৰি ধৰি পাৰে মানে কান্দিলে। সংসাৰৰ ৰীতি অনুসৰি শোকৰ সেই ডুবাই-ধৰা বেগ লাহে লাহে কমি আহিল; কেৱল নিৰাশাৰ এটি ছবি তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে। কিন্তু, এই দুখতো, এনেকুৱা নিৰানন্দৰ গেলা ঠাইতত, লৰাটিৰ অফুটা মাত আৰু মধুৰ হাঁহিৰ কিৰণে তেওঁলোকৰ চকুৰপৰা কেতিয়াবা সুখ-দুখ-সনা চকুৰ পানী টানি আনিছিল। সংসাৰত সন্তানৰ সমান সুখৰ সামগ্ৰী কি আছে?

(১০)

 মালতীৰ শাহুৱেক আৰু বেছি দিন নাবাঁচিল। ইয়াৰ ছমাহৰ মূৰতে তেওঁৰ পৰলোক হল। (ইয়াৰ ভিতৰতে বহুত টকা খৰছ কৰি তেওঁ মালতীক সমাজ-ভুক্ত কৰি লৈছিল; টকাৰ মুখ দেখি পণ্ডিতসকলৰ ব্যৱস্থাৰ আখৰবোৰে সাজ