পৃষ্ঠা:গল্পাঞ্জলি.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ঘুনুচা

ধনীৰ ঘৈনীয়েক আছিল; কিন্তু “নীচৈৰ্গচ্ছত্যুপৰি চ দশা চক্ৰনেমিক্ৰমেণ”-ৰথৰ চকৰিৰ নিচিনা ভাগ্য কেতিয়াবা ওপৰলৈ উঠে, কেতিয়াবা বা তললৈ নামে। সংসাৰত সুখীৰো দুখ হয়, দুখীৰো সুখ হয়, ধনীয়ো নিৰ্ধন হয়, নিৰ্ধনো ধনী হয়। সৰু কালত সুখত লালিত-পালিত হোৱা ঘুনুচাৰ উপযুক্ত বয়সত উপযুক্ত স্বামীৰ লগত বিয়া হয়; তেতিয়া তেওঁৰ সুখ আৰু সৌভাগ্য দহজনৰ ঈৰ্ষাৰ বিষয় আছিল। কিন্তু কালচক্ৰে তেওঁৰ পিতৃ আৰু শ্বশুৰকুলৰ সকলোকে মৃত্যুৰ তলত পেলাই, তেওঁকে দুখৰ বোজা বৈ থাকিবলৈ এই সংসাৰৰ ওপৰত তুলি থৈ গল। যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া ঘুনুচা গৰ্ব্ভৱতী। সময়ত তেওঁৰ এটি পুত্ৰসন্তান ভূমিষ্ঠ হল; ঘুনুচাই দুখৰ ভিতৰতো মেঘৰ ভিতৰত বিজুলীৰ নিচিনা এটি সুখৰ ৰেখা দেখা পালে; দূৰৈত এটি আশাৰ দীপ জিলিকিল।

 কিন্তু হিংসা আৰু লোভৰ প্ৰৱল বতাহে সেই আশা-দীপটিক অকালতে নুমাই পেলাবৰ উপক্ৰম কৰিলে। ঘুনুচাৰ এজন দেৱৰ আছিল—তেওঁ ঘুনুচাৰ খুড়া-শহুৰেকৰ পুতেক। যেতিয়া ঘুনুচাৰ আপোনাৰ বুলিবৰ সকলো জহনী ৰোগত মৰি গল, তেতিয়া এৱেঁই তেওঁৰ সম্পত্তিৰ প্ৰথম চৰিক হল। সম্পত্তিৰ লোভত প্ৰথমতে কিছুমান দিন ঘুনুচাক বৰ আদৰ যত্ন কৰিলে ৷ কিন্তু বৌৱেকক গৰ্ব্ভৱতী জানি তেওঁৰ শান্তি নোহোৱা হল,— গৰ্ব্ভত থকা শিশু যদি সম্পত্তিৰ উত্তৰাধিকাৰী হয়, ভূমিষ্ঠ হোৱাৰ অগেয়ে সেই শিশু নষ্ট কৰিবলৈ প্ৰথমতে বহুত যত্ন কৰিও