পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দেখাদেখি

পাৰ্ব্বতীক বিয়া কৰাবলৈ নাপালে চিৰকুমাৰ ব্ৰত লৈ জীৱন নিওৱা, বিৰহৰ দুঃসহ বেদনা বৰ্ণাই কবিতা লিখা আদি কথাবিলাক তেতিয়া তেওঁৰ মনত সপোন যেন হে লগা হৈছিল; ভাবিলেও কেতিয়াবা মনতে হাঁহি উঠে আৰু কেতিয়াবা বা হৃদয়-তন্ত্ৰীৰ একোডালি তাঁৰ বিষাদৰ সুৰত কঁপি উঠে ৷

 এদিন লৰা এজনে তেওঁৰ ওচৰলৈ আহি ছুটী খুজিলে, কাৰণ তাৰ মাকৰ নৰীয়া৷ অনেক লৰাৰ মাকৰ নৰীয়া হয়, অনেকক ধৰণীয়ে ছুটী দিয়ে৷ সেই দিনা—কোনে জানে কিয়— তেওঁৰ কেইটামান কথা সেই লৰাটোক সুধিবৰ ইচ্ছা হল; আৰু সুধি জানিলে যে, লৰাৰ বাপেকে ৰেলৰ অফিচত কিবা এটা কাম কৰে৷ মাকৰ জ্বৰ সেই দিনা বেচি হোৱাত বাপেকে পুতেকলৈ স্কুললৈ আহিয়েই ছুটি লৈ যাবলৈ কৈছে৷

 ধৰণী আবেলি ফুৰিবলৈ ওলালত, কোনে জানে কি সকামত তেওঁৰ ৰেলৰ অফিচৰ ফালে যাবৰ মন গল৷ ৰেলৰ অফিচ পাই তেওঁৰ সেই লৰাটো আৰু তাৰ মাকৰ নৰীয়াৰ কথা মনত পৰিল৷ কোনে জানে কিয়, তেওঁৰ তাৰ খবৰ লবলৈ মন গল৷ তেওঁ খবৰ কৰি লৰাৰ ঘৰ উলিয়ালে; আৰু বাহিৰৰপৰা তাৰ নাম কাঢ়ি মাতিলে৷ এজন ভদ্ৰলোক ওলাই আহিল,—কোন আহিছে চাবলৈ৷ “আ! নবীন দেখোন! তুমি ক’ৰপৰা ইয়াত ওলালা নবীন?” ধৰণীয়ে আচৰিত হৈ সুধিলে৷ দুয়ো বন্ধুৰ বহুত দিনৰ মূৰত দেখাদেখি; চকুৱে-চকুৱে হাঁহিয়ে-