এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮১)
তোমাৰ অভয়, চৰণ দুতয়,
থাকোঁ যেন সদা স্মৰি॥
অনিত্য দেহৰ, ইন্দ্ৰিয় সঙ্গত,
ভোগ্যত আশক্ত মন।
মিলিব বৈৰাগ্য, নাহি মোৰ ভাগ্য,
কালে ধৰে যেতিক্ষণ॥ ৪০৮ ॥
ভজি তযু পাৱে, তব নাম নাৱে,
তৰিয়ো সংসাৰ ঘোৰ।
তুমি কৃপাময়, হুয়েক সদয়,
বাঞ্চাসিদ্ধি হোক মোৰ॥
দেহৰ লগত, দুখ সুখ যত,
ভুঞ্জিয়া নাপাও পাৰ।
মনোৰথ চয়, পুৰিয়ো নিশ্চয়,
সাধন্তে ভুঞ্জো নিকাৰ॥ ৪০৯ ॥
দেখা শিষ্টজন, কালৰ মহত্ত্ব,
ভৈলা কেন বিপৰীত।
ঘোৰ কলি মলে, ব্যাপিলে কেৱলে,
অসত্যত মাত্ৰ ৰতি॥
নুগুছে কপট, বেশ ধাৰি নট,
যেন ভৈল লোক চয়।
শিষ্যে আচাৰ্য্যক, ভাৰ্য্যায়ে স্বামীক,
বাপক পুত্ৰে ভাণ্ডয়॥ ৪১০ ॥