এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৮০)
কিন্তু কলি মলে, ব্যাপিলে সকলে,
হৰিনামে ধ্বজকৰি।
নাহি ভক্তি জ্ঞান, মোক্ষৰ নিদান,
ফুৰে মাত্ৰ বেশ ধৰি॥ ৪০৫ ॥
অনম্ৰ অজ্ঞান, গুৰু শিষ্য মান—
নজানয় পুছিবাক।
তযু নিজ ধৰ্ম্ম, বেদতত্ব মৰ্ম্ম,
কি মতে দিবোহো তাক॥
তযু আজ্ঞা বানী, শাস্ত্ৰৰ কাহিনী,
কৈবাৰণ পাই পাত্ৰ।
কিন্তু বিপক্ষৰে, ভুত দয়া কৰে,
শাস্ত্ৰে নিবন্ধিলে মাত্ৰ॥ ৪০৬ ॥
গুৰু ঈশ্বৰৰ, নাহিকে অন্তৰ,
আকাশে পৱন সম।
আছয় একত্ৰে, দেখিয়ো সৰ্ব্বত্ৰে,
নেদেখে তাক অধম॥
তাহাৰ আগত, কহিবো কিমত,
ইটো মহা ছদ্ম জ্ঞান।
ৰহস্য বেদৰ, জ্ঞান তত পৰ,
মন্ত্ৰে সেতাৰ প্ৰমাণ॥ ৪০৭ ॥
নমোঁ হৃষিকেশ, জ্ঞান উপদেশ,
দিলা যিটো কৃপাকৰি।