পৃষ্ঠা:গদা-পৰ্ব্ব.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭২)


লেছাৰী।

দুৰ্য্যোধন ৰাজা বোলে বাণী, শুনা গুৰু পুত্ৰ মহামানি,
মোহোৰ নিমিত্তে বাপ শোক নো জোৱাই।
সুখ ভোগ দুখ যত শোক, ভুঞ্জে দেখা আক সৰ্ব্বলোক
কলকৰ্ম্ম দৈবগতিয়ে আনি মিলাই॥
সসাগৰা পৃথিবীৰ ৰাজা, জম্বুদ্বীপ বাসী মোৰ প্ৰজা,
দেৱঋষি পিতৃ অতিথি অৰ্পি পূজিলোঁ।
কাল কৰ্ম্মে দিল যতদিন, ধৰিছিলোঁ মই ৰাজা চিহ্ণ,
দেৱতাৰ যোগ্য বিষ্টৰ ভোগ ভুঞ্জি্লোঁ॥ ৩৭০॥
বিধিৰ লিখিতা যাৰ যৈত, তাক এৰাইবাক পাৰে কৈত,
জন্ম মৃত্যু দুখ সুখ ভয় চিন্তা শোক।
যদি বেদশাস্ত্ৰ সত্য হয়, তেবে মোৰ নাহি কিছু ভয়,
চম্বুৰণে মোক প্ৰশংসিলে দেৱলোক॥
পুত্ৰ মিত্ৰ গুৰু পিতামহ, সমৰ কৰিলোঁ যাত গহ,
তা সম্বাৰ সঙ্গে চলি যাঁও স্বৰ্গলোক।
তুমি চিৰঞ্জীৱ থাকিবাহা, বৃদ্ধ পিতৃ মাতৃ পালিবাহা,
মোক প্ৰতি আবে কেঁহো নকৰিবা শোক॥৩৭১॥
এতেক বুলিয়া কুৰুৰায়, চক্ষুৰ লোতক বহি যায়,
মৌনে ৰহিলন্ত তিনিৰো মুখক চাই।
দেখি মহাবীৰ অশ্বত্থামা, নৃপতিৰ শোকে নাহি ক্ষমা,
কৰিলা শপত পুনু যুজিবাক লাই॥