এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)
সকল শৰীৰ ঢাকি বহয় ৰুধীৰ।
শোভে পৃথিবীত পড়ি ভীমৰ শৰীৰ॥
আকাশত থাকিয় দেৱগণ প্ৰশংসিলা।
সাধু দুৰ্য্যোধন বুলি পুষ্প বৰিষিলা॥ ২১২ ॥
মনুষ্য সমাজ যত আছে যুদ্ধ চাই।
ভীমৰ দেখিয়া ভঙ্গ ৰাৱ চাৱ নাই॥
দুৰ্য্যোধন বৰ ভৈল হৰিষ অশেষ।
চাহিছা অৰ্জ্জুন যুধিষ্ঠিৰে হৃষিকেশ॥ ২১৩ ॥
অচেতন ভীম দেখি প্ৰহাৰ নকৰি।
চতুপাশে দুৰ্য্যোধনে নাছে ভঙ্গি কৰি॥
মূৰ্চ্চিত ভীমক দেখি ৰাজা যুধিষ্ঠিৰ।
অৰ্জ্জুন সহিতে ভৈলা বিকল শৰীৰ॥ ২১৪ ॥
কতো বেলি চেতন লভিয়া মহাবীৰ।
গদাত আলম্বি গাৱ কৰিলন্ত থিৰ॥
মুণ্ড গাৱে বহি যায় ৰুধিৰ বিয়াপি।
দুই হাতে তুকি চক্ষু মেলি কথমপি॥ ২১৫ ॥
দেখে দুৰ্য্যোধন ৰাজা ফুৰে চতুপাশে।
গদা ধৰি সমোখ ভৈলন্ত লাসে লাসে॥
ভীমৰ অৱস্থা দেখি ধনঞ্জয় বীৰ।
মাধৱৰ সমীপ চাপিলা ধীৰে ধীৰ॥ ২১৬ ॥
শুনা প্ৰাণ সখি ইষ্টদেৱ হৃষিকেশ।
কোন বুদ্ধি কৰোঁ আবে কৰিয়ো আদেশ॥