কিন্তু আমাৰ এতিয়াও দাডাঙ্গিবৰ সময় আছে। আমি লাগিলে যে নহব এনে নহয়, কেৱল জানিব লাগে যে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, আৰু শুই থকা সিংহৰ মুখতো টোপ নপৰে। যদি ভদ্ৰমণ্ডলি সকলৰ পৰা উৎসাহ পাওঁ তেন্তে আগলৈ মহাভাৰতৰ অন্যান্য পৰ্ব্ব আৰু অন্য ধৰ্ম্ম পুথি পোহৰলৈ উলিয়াম বুলি আগ বাঢ়িছোঁ। কিমান কৃতকাৰ্য্য হব পাৰোঁ, তাক ঈশ্বৰেহে জানে।
এই পুথিত গ্ৰন্থ কৰ্ত্তাৰ নামৰ বাহিৰে আৰু একো উল্লেশ কৰা নাই। এঠাইত “ৰাজমিশ্ৰ”, এঠাইত “কবিচন্দ্ৰ” এঠাইত দ্বিজোপনিষদ বুলি লেখা আছে। আমাৰ বোধেৰে “ভীষ্ম পৰ্ব্বৰ" পাতনিত কোৱামতে এইখনি পুথিৰো পদ “ৰাম সৰস্বতী” য়েই কৰি ছিল। তেঁওৰ গুণত মুগ্ধ হৈ ৰাজা প্ৰজা সকলোৱে গুণানো- সৰি একোটা নাম দিছিল। তাৰ প্ৰমাণ “বৰ্ণপৰ্ব্ব- বঘাসুৰ বধ, কুলাচল বধ, পুষ্পহৰণ” ইত্যাদিত পোৱা যায়। আমিয়ো অল্প বুদ্ধিৰে যিপাৰি লোঁ আৰু যি জানি জোঁ তাকে ৰাইজৰ আগত দেখাই ছোঁ। যদি কোনো সদাশয় মহাত্মাই এই মীমাংসাৰ কিবা ভুল দেখায়, তেন্তে কৃতজ্ঞতা প্ৰকাশ কৰিম।
ঘিলামৰা |