এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)
দক্ষিণ দিশত সৰস্বতী নদী তীৰ।
সমাজ পাতিয়া ৰৈলা যত ৰাজা বীৰ॥ ১৫২ ॥
দুৰ্য্যোধনে মাত ভীমসেন আইস বুলি।
ভীমে ধাই গৈলা উপৰক গদা তুলি॥
তেজয় আটাশ যেন দুই মত্ত সিংহ।
প্ৰহাৰয় গদা ঘনে ঘনে দেই ৰিঙ্গ॥ ১৫৩ ॥
গদাৰ মণ্ডল কৰে ভীম দুৰ্য্যোধন।
চতুঃপাশে বেঢ়ি আছে ৰাজা প্ৰজাগণ॥
জয় ভীমসেন বুলি চৌপাশে আবৰে।
ধনুক টঙ্কাৰি আৰণত ছাটি মাৰে॥ ১৫৪ ॥
সত্ৰুসেনা মাজে দুৰ্য্য়োধন একেশ্বৰ।
ইন্দ্ৰ বৃত্তাসুৰে যেন বালি সুগ্ৰীৱৰ॥
ৰামৰাৱণৰ যেন বালি সুগ্ৰীৱৰ।
ভীম দুৰ্য্যোধন যুদ্ধ সেহি পটন্তৰ॥ ১৫৫।
ভীমে বোলে দুৰ্য্যোধন শুন দুৰাচাৰ।
অকাৰণে ৰাজ্য কাঢ়ি লৈলিহি আমাৰ॥
কুলক্ষয়ঙ্কাৰী কুলাঙ্গাৰ ধুমকেতু।
গুৰু পিতামহ মৰি গৈল তোৰ হেতু॥ ১৫৬ ॥
তা সম্বাৰ সদবুদ্ধি নধৰিলি তই।
তোৰ যম কাল ভৈল শকুনি মমাই॥
নীতিক এৰিলি বাক্য গুৰু গৌৰৱৰ।
শত্ৰুৰ মধ্যত আবে পশু হেন মৰ॥ ১৫৭ ॥