অসমীয়া মহাভাৰত “গদাপৰ্ব্ব” নামক এই পুথিখনি
প্ৰকাশ কৰা গল। যি খনি পুথিৰ পৰা ইয়াক তুলিলো,
সেইখনি পুথি একে বাৰেই বৰ্ণাশুদ্ধিৰে ভৰা। যেই
কি নহওক দ্বিতীয় এখন পুথিয়ো পোৱা নগল। আৰু
নকল কৰা পুথিখনি ঠায়ে ঠায়ে অগ্নি-ডাঙ্গৰীয়ায়ে।
সংশোধন কৰিছিল। নোহোৱাত যেনিবা “কণা মোমাই-
কে ভাল” বুলি কোনো মতে নষ্টোদ্ধাৰ কৰা গল।
অতএব ইয়াত যে অনেক দোষ হৈছে তাক কবৰ সকাম
নাই। সুহৃদয় পাঠক মহোদয় সকলে দোষৰ ভাগ
অকল মোৰ গাতে নেপেলায়, তেওঁলোকেও অলপ
গাপাটী লব। পৰমেশ্বৰে কৰিলে ভবিষ্যত লৈয়ো সেই
খুট বিলাক গুছাম বুলি মনত থলোঁ। আৰু আমি এতিয়া
পুথিত থকা শব্দ প্ৰায়ে লৰ চৰ কৰা নাই। যেনে শব্দ
তেনেই আছে।
কিন্তু দুখৰ বিষয় যে আজিলৈকে আমাৰ দেশৰ
মহাভাৰতাদি পুথি পোহৰলৈ নোলাল। আমাৰ ভাষাৰ
পৌৰাণীক মহাপুৰুষ সকলে লেখা যেনে—“মহাভাৰত,
ৰামায়ণ, ভাগৱত” আদি পুথি নাইকীয়া নহয়। কিন্তু
এতিয়া এলেহোৱা অসমীয়াৰ হাতত পড়ি সেই বিলাক
হৈয়ো নোহোৱা হৈছে। ইয়াৰ ঘাই কাৰণ এলাহ