( ১৫ )
ঝুমুৰী।
কেশত ধৰি টানি। ৰাজ সমাজক আনি॥
আথানত লাঠি হানি। নাঙ্গটাইলা বস্ত্ৰখানি॥ ৬৫॥
কদৰ্থিয়া আমাসাক। উৰুত বৈসালি তাঙ্ক॥
বন্দিহুয়া সত্যজৰি। চাই আছিলোঁ দুখ কৰি॥ ৬৬॥
ঘৰেক সাজিয়ালাৰ। আমাৰ চিন্তিবে মাৰ॥
তাতে থৈয়া দিলি জুই। ঘুমতিত আছোঁ শুই॥ ৬৭॥
বিষক খোৱালি ছলে। বান্ধিয়া পেলাইলি জলে॥
আনো দুখ দিলি যত। সুমৰি নপাওঁ অন্ত॥ ৬৮॥
আজি তাৰ শুজো মান। কদৰ্থিয়া লৈবোঁ প্ৰাণ॥
যেন সৰ্পে ভয় পায়। গৰ্ত্তত প্ৰবেশে যায়॥ ৬৯॥
জাগ দিয়া গাঁত খানি। যেন দুষ্টে মাৰে প্ৰাণী॥
বিশেষত উপকাৰ। কহোঁ শুন দুৰাচাৰ॥ ৭০॥
সবাহাৰে দ্ৰোহ কৰি। গুৰু ভ্ৰাতৃ পুত্ৰমাৰি॥
মিত্ৰ বন্ধু কৰাই নাশ। আপুনি জীবাক চাস॥ ৭১॥
সৰ্ব্ব ধৰ্ম্ম ভৈল নাশ। নৰকত হৈব বাস॥
বীনাছ মৰণ ঐত। তোৰ গতি আছে কৈত॥ ৭২॥
জানি ধৰ্ম্ম বাক্য সাৰ। ওলাই আস দুৰাচাৰ॥
বোলে দুৰ্য্যোধন বীৰ। শুনা দদা যুধিষ্ঠিৰ॥ ৭৩॥
যি বুলিলা ধৰ্ম্মবাক। কোনে নো কৰাৱে আক॥
ভীষ্ম, ভগদত্ত, দ্ৰোৰ্ণ। কৰ্ণ সম হুইবে কোন॥ ৭৪॥