এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯১
শেষ যুদ্ধ


সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা মৰাণে ফুকনৰ পিঠিত যাঠিৰে হানিলে। যাঠি পিঠিয়ে সোমাই বুকুৱে ওলাই গ'ল। ফুকন মৰিল, কিন্তু ৰাঘৱৰ বন্দী নহ'ল। ফুকনক ৰক্ষা কৰিবলৈ খেদি যাওঁতেই লিগিৰাকো এটা মৰাণে পিচ ফালৰ পৰা ঘাপ মাৰি কাটিলে।

 এইবাৰ মায়ামৰীয়া সৈন্য দলে-বলে ৰংপুৰলৈ আগ বাঢ়িল। দুৱলীয়া পানী ফুকনৰ মৃত্যু আৰু মায়ামৰীয়া আগ বঢ়াৰ বাতৰি পাই এইবাৰ শেষ সম্বল লৈ বৰবৰুৱা নিজে আগ বাঢ়ি আহিল। কিন্তু কি হ'ব? তেওঁৰ সৈন্যৰ আগৰে পৰা উৎসাহ নাছিল। মৰাণৰ হাতত বাৰে বাৰে হৰাৰ বাতৰি আৰু ৰাধা-ৰুক্মিণীৰ অলৌকিক শক্তিৰ কথা আগতে শুনি তেওঁলোক ভয়ে ভয়েহে আহিছিল। ইফালে জয়লাভ কৰি মায়ামৰীয়াৰ উৎসাহ চতুৰ্গুণে বাঢ়িছিল। সেই কাৰণে বৰবৰুৱাৰ সৈন্য বেচি পৰ ঠাৱৰিব নোৱাৰিলে। কিছুমান মৰিল আৰু কিছুমান পলাল। অগত্যা বৰবৰুৱায়ো ৰণ-ভূমি এৰি পলায়ন কৰিলে।

 এইবাৰ শেষ যুদ্ধত জয়লাভ কৰি মায়ামৰীয়া আনন্দত মতলীয়া হৈ উঠিল আৰু ৰজাৰ নগৰ অধিকাৰ কৰিবলৈ আগ বাঢ়িল।