এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
গণ-বিপ্লৱ

 ফুকনে ক'লে,—“কেতিয়াও নলওঁ। তোমালোকে পতা ৰজাক মই স্বৰ্গদেৱ নোবোলোঁ।”

 তেতিয়া দুয়ো পক্ষৰ ঘোৰ যুদ্ধ আৰম্ভ হ'ল। মায়ামৰীয়াৰ অসংখ্য সৈন্যৰ আগত ফুকনৰ সৈন্য তিষ্ঠিব নোৱাৰিলে। মৰা মৰিল, আৰু জীয়াই থকাবোৰ পলাল। বাকী থাকিল মাথোন দুৱলীয়া পানী ফুকন আৰু তেওঁৰ তামোলকটীয়া লিগিৰাটো। ৰাঘৱে তেতিয়া আকৌ ক'লে,—“ফুকন! এতিয়াও?”

 ফুকন—হয়, এতিয়াও। মই মৰাণক নবৰোঁ।

 ফুকনৰ হাতত এতিয়াও তৰোৱালখন আৰু বহুতো কাঁড় আছিল। তেওঁ মৰাণলৈ কাঁড় মাৰিবলৈ ধৰিলে! মৰাণ চাপি অহা দেখিলেই কাঁড় মাৰে আৰু নহা দেখিলে সাৱধান হৈ ৰৈ থাকে। পিচ ফালৰ পৰা কোনোবাই আক্ৰমণ কৰে বুলি ফুকনেৰে পিঠিয়াপিঠিকৈ থিয় দি, হাতত দা আৰু যাঠি লৈ লিগিৰাই তেওঁৰ গৰাকীক ৰক্ষা কৰি আছিল। ফুকনক বন্দী কৰাই আছিল ৰাঘৱৰ ইচ্ছা; সেই কাৰণে তেওঁনো কি কৰে চাবলৈ মন কৰিছিল, আৰু লাহে লাহে তেওঁৰ ভাগৰ লগাইছিল। এনে ভাবে ৰৈ ৰৈ কাঁড় মৰাত প্ৰায় এপৰ মানত ফুকনৰ কাঁড় শেষ হ'ল। তেতিয়া ৰাঘৱে আকৌ ক'লে,— “ফুকন! এতিয়াও নে?”

 ফুকন।—নিশ্চয় এতিয়াও। মই আগতে কৈছোঁ, মই মৰাণত নবৰোঁ।

 এইদৰে কৈয়েই ফুকনে তৰোৱাল ঘূৰাই খেদি গ'ল;