এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৪
গণ-বিপ্লৱ

 বেজবৰা ৰাঘৱৰ দলৰ সম্মুখীন হ'ল। তেওঁলোকে দেখিলে শত্ৰুসেনা পুৰুষ নহয়, নাৰী। তেওঁলোকৰ মন কোঁচ খাই গ'ল; নাৰী-বধ কৰে কেনেকৈ? তাতে সম্মুখৰ দৃশ্য দেখি তেওঁলোকৰ পেটত ভয়ো সোমাল। তেওঁলোকে দেখিলে ধনু- কাঁড় লৈ আগত নাৰী-বাহিনী। তেওঁলোকক চলাইছে এগৰাকী দেবীয়ে। তেওঁ সাক্ষাৎ ৰণ চণ্ডী। তেওঁ নাচি-বাগি গীত গাইছে,–

“আঁচল পাতি ধৰিম গুলি,
  হিলৈৰ মাৰিম মাত।
নিজে নিজে শত্ৰু মৰি
  হ’ব চূণ-চাঁত।”

 তেওঁৰ লগে লগে আন তিৰুতবিলাকেও গীতটো দোহাৰি বণ-ভূমি কঁপাই তুলিছে।

 পিচত থকা পুৰুষ সেনাদলে গাইছে,—

“অষ্টভুজে সপ্তভুজে চতুভুৰ্জে ৰাখে।
 তাৰ দাই তাকে কাটে,
  তাৰ হিলৈ তাকে মাৰে,
   চতুভুৰ্জে ৰাখে।”

 সকলো অৱস্থা লক্ষ্য কৰি বেজবৰা আৰু তেওঁৰ সেনাৰ হৃৎকম্প উপস্থিত হ’ল। তথাপি আন উপায় নথকাত হাজৰি-