এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৭
যন্ত্ৰণা

 ৰাধা।—প্ৰভু জগন্নাথ! ময়ো এষাৰ কওঁ, দায়-দোষ নধৰে যেন। আজি কত দিনৰ পৰা আয়োজন হৈছে, কাম হ'লে একো হোৱা নাই। আমাৰ ওপৰত অত্যাচাৰ দিনে দিনে বাঢ়িবই লাগিছে। সেই কাৰণে হাৰোঁৱেই বা জিকোঁৱেই আৰু বাট চোৱা উচিত নহয়।

 ৰুক্মিণী।—মৰাৰ দৰে গা পাতি দি নিৰ্য্যাতন ভোগ কৰাতকৈ যুদ্ধ কৰি মৰা বহুত গুণে ভাল। পুৰুষসকলে সহি থাকিলেও আমি নসহোঁ। আমি আমাৰ নাৰী-বাহিনী লৈ যুদ্ধত নামিম। ভবিষ্যৎ ভাবিবৰ সময় নাই।

 নাহৰ।—তোমালোক ৰ'বাচোন, আগেয়ে প্ৰভুৱে কি কয় শুনি লোৱাঁ।

 অষ্টভুজ।—তোমালোকৰ ব্যগ্ৰতা দেখি বুজিছোঁ, এনে আন্তৰিক উদ্যম অথলে নাযায়। আমাৰ জয় লাভ হবই। কিন্তু যদি দেখা যায় আমাৰ জয় লাভ আৰু সহজ কৰিব পাৰি, তেন্তে আৰু দুই-চাৰি দিন বাট চোৱাত হানি নহয়। মোৰ কথা শুনা, —মোহনমালা গোহাঁই নিৰ্ব্বাসিত, তেওঁৰ অপৰাধ হৈছে তেওঁ পৰ্ব্বতীয়া গোসাইক গুৰু লোৱা নাই। মই জানো বিষয়াসকলৰ ভিতৰত যি সকল মহাপুৰুষীয়া আছে তেওঁলোকে মোহনমালাক এতিয়াও ৰজা পাতিলে ভাল পায়। আকৌ লক্ষ্মীসিংহক বৰবৰুৱাই গাৰ বলেৰে ৰজা পতাত বহুতো ডা-ডাঙৰীয়া অসন্তুষ্ট। তেওঁলোকেও মোহনমালাক সমৰ্থন কৰিব। সেই কাৰণে ৰজা পাতি বুলি মোহনমালাক আমাৰ দললৈ