পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
গণ-বিপ্লৱ

 তেতিয়া আটাইকেইজন অষ্টভুজৰ ওচৰলৈ ওলাল।

 কীৰ্ত্তি বৰবৰুৱাৰ ওচৰত অপমান পাবৰ দিনাৰে পৰা অষ্টভুজৰ মন মৰা। তেওঁ কি ভাবে কাম হাতত ল’ব, কেনেকৈ তেওঁৰ শিষ্যবৰ্গক ৰক্ষা কৰিব ইয়াকে মাথোন দিনে-ৰাতিয়ে ভাবিছে।

 নাহৰ আৰু তেওঁৰ সঙ্গীসকলে গুৰুৰ ওচৰ পাই সেৱা- সৎকাৰ কৰি তেওঁলোকৰ দুখ-দুৰ্গতিৰ সকলো কথা নিবেদন কৰিলে, আৰু ততালিকে যুদ্ধ ঘোষণা কৰিবলৈ অনুমতি খুজিলে।

 অষ্টভুজ নিজে লাঞ্ছিত। এতিয়া আকৌ নাহৰ আৰু ৰাঘৱৰ লাঞ্ছনাৰ কথা শুনিলে। তেওঁ আৰু স্থিৰ থাকিব নোৱাৰিলে। তেওঁ ক'লে,—“যুদ্ধ-বিগ্ৰহ আমাৰ কাম নহয় বুলিয়েই ইমান দিন সহ্য কৰিলোঁ, কিন্তু এতিয়া সহনৰ সীমা পাৰ হৈ গ'ল। আৰু নোৱাৰি, এইবাৰ যুদ্ধ কৰিবই লাগিব। কিন্তু এতিয়াও ঠিক সময় হোৱা নাই, দিনচেৰেক অপেক্ষা কৰাঁ।”

 ৰাঘৱ।— নহয় প্ৰভু, আৰু অপেক্ষা কৰিবলৈ নক’ব। বিনাদোষত বৰবৰুৱাৰ হাতত শাস্তি খাই মই মনে মনে প্ৰতিজ্ঞা কৰি আহিছোঁ অতি শীঘ্ৰে ৰজা বৰবৰুৱা দুইকো বন্দী কৰি চমটাৰ সোৱাদ বুজাই দিম, আৰু মই নিজে বৰবৰুৱা হম। সেই বাবেইহে জলম বটা গেন্ধেলাৰ তেজ নিপিয়াকৈ এৰি আহিলোঁ। নহলে তেতিয়াই তাক মাৰি ময়ো মৰিলোঁহেতেন।